Monday, December 23, 2024
Homeআন্তঃৰাষ্ট্ৰীয়পুনৰ হোৱাইট হাউছ দখল ড’নাল্ড ট্ৰাম্পৰ, আৱেগিক হৈ ভাষণ ৰাখিলে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি...

পুনৰ হোৱাইট হাউছ দখল ড’নাল্ড ট্ৰাম্পৰ, আৱেগিক হৈ ভাষণ ৰাখিলে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে

ডিজিটেল ডেস্ক, ৬নৱেম্বৰ:আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ জয়। দ্বিতীয়বাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ল ড’নাল্ড ট্ৰাম্প। আমেৰিকাৰ ৪৭সংখ্যক ৰাষ্ট্ৰপতি হ’ব ট্ৰাম্প। জয়ৰ সম্ভাৱনা স্পষ্ট হোৱাৰ পিছতে ফ্লৰিডাত সমৰ্থসকলক উদ্দেশ্যি ট্ৰাম্পে দিয়ে বিজয় ভাষণ।

ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰথমটো অভিভাষণতে যুদ্ধৰ বিৰুদ্ধে হুংকাৰ দিলে মাৰ্কিন প্ৰেছিডেণ্ট ড’নাল্ড ট্ৰাম্পে। যুদ্ধ বন্ধ কৰি শান্তি প্ৰতিষ্ঠাৰ বাণী বিলালে ট্ৰাম্পে। আজিৰ অভিভাষণত ট্ৰাম্পে কয়, ‘আমেৰিকাক সৰ্বশ্ৰেষ্ঠ দেশ হিচাপে গঢ়ি তুলিবলৈ মই মোৰ ক্ষমতাত থকা সকলোখিনি কৰিম। আমি যুদ্ধ বন্ধ কৰিম। মই সমালোচকসকলক ভুল প্ৰমাণিত কৰিছোঁ।’ উৎসাহী জনতাক উদ্দেশ্যি তেওঁ কয়, ‘আমেৰিকাৰ সোণালী যুগ আৰম্ভ হ’বলৈ ওলাইছে।’ ট্ৰাম্পে লগতে প্ৰতিশ্ৰুতি দিয়ে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কঠোৰ পৰিশ্ৰমী লোকসকলে তেওঁলোকৰ প্ৰাপ্য পুৰস্কাৰ লাভ কৰিব ।

জয়ৰ পথ প্ৰশস্ত হোৱাৰ পিছতে ট্ৰাম্পক অভিনন্দন জনালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।সামাজিক মাধ্যমত ট্ৰাম্পৰ সৈতে কিছু পুৰণি ফটো পোষ্ট কৰি মোদীয়ে লিখিছে, ‘‘আহক একেলগে কাম কৰো!’’ ভাৰত আৰু আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্ক আরু দৃঢ় কৰাৰ আহ্বান জনালে মোদীয়ে। লগতে বিশ্ব শান্তি, স্থিতিক লৈ একেলগে কাম কৰাৰ কথাও ক’লে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments