ডিজিটেল ডেস্ক, ANEWS24X7: দূৰদৰ্শন চেনেল সমূহলৈ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নতুন নিয়ম ৷ দেশৰ দূৰদৰ্শন চেনেল সমূহত দেশৰত স্বাৰ্থত কমেও ৩০ মিনিটৰ বাবে ৰাজহুৱা সেৱাৰ সমল সম্প্ৰচাৰ কৰিব লাগিব ৷কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে প্ৰস্তুত কৰিছে নতুন নিয়ম ৷ এই নিয়মৰ আওটাৰ পৰা বাহিৰত থাকিব ক্ৰীড়া , পশু পৰিক্ৰমা আৰু বিদেশী চেনেলসমূহ ৷
এই সন্দৰ্ভত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব অপুৰবা চন্দ্ৰাই কয় যে ,‘‘ অহা কেইদিমানৰ ভিতৰত সকলো চেনেলৰ বিষয়াসকলৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰাৰ হ’ব ৷ ইয়াৰ পিছতে এই নতুন নিৰ্দেশনা জাৰি কৰা হ’ব ৷ এই নিৰ্দেশ প্ৰতিটো চেনেলে পালন কৰাটো বাধ্যতামূলক হ’ব ৷ প্ৰচাৰৰ বিষয়বস্তুৰ বিষয়ে তথ্য মন্ত্ৰালয়ে অৱগত কৰিব ৷ ’’
নতুন নিৰ্দেশনাৱলীত কি কি থাকিব ?
১-চেনেলবোৰে সম্প্ৰচাৰ কৰিবলৈ এক নিৰ্দিষ্ট কম্পনাঙ্ক ব্যৱহাৰ কৰিব লাগিব। এই কম্পনাঙ্কবোৰক সাৰ্বজনীন গুণ বুলি গণ্য কৰা হয়। ফলস্বৰূপে, ইয়াত কিছুমান মানুহৰ বাবেও ব্যৱহাৰ কৰিব লাগিব ।
২-প্ৰচাৰৰ বিষয়বস্তু ইচ্ছা অনুযায়ী হ’ব পাৰে। ইয়াৰ ভিতৰত আছে শিক্ষা আৰু সাক্ষৰতা, কৃষি ব্যৱস্থা, গ্ৰাম্য উন্নয়ন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ বিষয়, বিজ্ঞান আৰু প্ৰযুক্তি, মহিলাৰ কল্যাণ, সমাজৰ পিছপৰা শ্ৰেণীৰ বিকাশ, পৰিৱেশ আৰু সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা আৰু ৰাষ্ট্ৰীয় একত্ৰীকৰণ।
৩-কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজন হ’লে ৰাষ্ট্ৰীয় স্বাৰ্থত সমল সম্প্ৰচাৰৰ বাবে চেনেলসমূহক নিৰ্দেশনা জাৰী কৰিব পাৰে আৰু চেনেলবোৰে সেইটো পালন কৰিব লাগিব।