ডিজিটেল ডেস্ক, ANEWS24X7 : এভাৰেষ্ট বিজয়ী পৰ্বতাৰোহী তাপী মৰা আৰু তেওঁৰ সহোগী নিকু দাও নিৰুদ্দেশ । অৰুণাচল প্ৰদেশৰ সৰ্ব্বোচ্চ বৰফৰে আবৃত শৃংগ ‘খিয়াৰী সাতম’লৈ অভিযানত যোৱাৰ পিছতে সন্ধানহীন হৈ আছে দুয়ো ৷পৰীয়ালৰ সদস্য সকলৰ দাবী অনুসৰি পৰ্বতাৰোহী সকলক চীনা সেনাই বন্দী কৰিছে ৷ অল টেগিন ষ্টুডেন্টছ ইউনিয়নেও ইয়াকে সন্দেহ প্ৰকাশ কৰিছে ৷
অল টেগিন ষ্টুডেন্টছ ইউনিয়নে এই সন্দৰ্ভত কয় যে ,‘‘পূব কামেং জিলাৰ সৰ্বোচ্চ শৃংগ ‘খিয়াৰী সাতম’ প্ৰায় ৬,৯০০ মিটাৰ ওখ ৷ এই শৃংগটো ভাৰত আৰু চীনৰ তিব্বতীয় অঞ্চলৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত আছে ৷ তাপি আৰু নিকুক চীনা সেনাই বন্দী কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷’’
অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ ইন্দিৰা গান্ধী উদ্যানত সাত দিন ধৰি দুয়োজন পৰ্বতাৰোহীক বিচাৰি উলিওৱাৰ দাবীত পৰিয়ালৰ লোক সকলে ধৰ্ণাত বহি আছে ৷ পৰিয়ালৰ সদস্যসকলে চৰকাৰৰ ওচৰত সন্ধানহীন পৰ্বতাৰোহীসকলক জীৱিত বা মৃত অৱস্থাত ঘূৰাই আনাৰ দাবী জনাইছে ৷ পৰ্বতাৰোহী সকলে পৰিয়ালৰ সদস্যসকলে দুখ প্ৰকাশ কৰি কয় যে, ‘‘অৰুণাচল প্ৰদেশ চৰকাৰে তেওঁলোকক ঘূৰাই অনাৰ বাবে কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই ৷’’
অল টেগিন ষ্টুডেন্টছ ইউনিয়নৰ সভাপতি তাড়ক পাকবাই কয় যে ,‘‘চীনা সেনাই সম্ভৱত এলএচিৰ পৰা দুজন পৰ্বতাৰোহীক অপহৰণ কৰিব পাৰে। যদি তাপী আৰু নিকু চীনত বন্দী হৈ থাকে, আমি কেন্দ্ৰীয় চৰকাৰক সেই দেশৰ চৰকাৰৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছো।’’