ডিজিটেল ডেস্ক, A NEWS 24×7 : দুৰ্ঘটনাত পতিত ভাৰতীয় বায়ুসেনাৰ দুখন যুঁজাৰু বিমান । অনুশীলনৰ সময়তে দুৰ্ঘটনাত পতিত হয় সুখয় ছু-৩০ আৰু মিৰাজ ২০০০ নামৰ বিমান দুখন। দুৰ্ঘটনাত এজন পাইলটৰ মৃত্যু হোৱাৰ পৰিৱৰ্তে আন দুজন পাইলট গুৰুতৰভাৱে আহত হয়।
জানিব পৰা মতে, দুয়োখন যুদ্ধ বিমানে গ্ৱালিয়ৰ বায়ুসেনাৰ ঘাটিৰ পৰা উৰা মাৰিছিল। মধ্যপ্ৰদেশৰ মৰেনাত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বিপৰীতে আনখন বিমান ১০০ কিলোমিটাৰ দূৰত ৰাজস্থানৰ ভাৰতপুৰত নামি যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰতিৰক্ষা সূত্ৰই।
ছু-৩০ বিমানখনত দুজন পাইলট থকাৰ বিপৰীতে মিৰাজ ২০০০ত এজন পাইলট আছিল। সুখয়ৰ পাইলট দুজনে কোনোমতে বাহিৰলৈ ওলাই অহাত দুয়োকে হেলিকপ্টাৰেৰে চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰে। তাৰোপৰি, দুয়োখন বিমান ফ্ৰণ্টলাইনত ভাৰতীয় বায়ুসেনাই ব্যৱহাৰ কৰে।