Wednesday, March 11, 2026
Homeৰাজনৈতিকভোটৰ পূৰ্বে চত্তীশগড় মাওবাদীৰ আক্ৰমণ!

ভোটৰ পূৰ্বে চত্তীশগড় মাওবাদীৰ আক্ৰমণ!

ডিজিটেল ডেস্ক, ৬ নৱেম্বৰ: প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ আগদিনা মাওবাদী আক্ৰমণৰ ফলত ছত্তীশগড়ত তেজ ছিটিকি পৰে। সোমবাৰে বিয়লি কাংকেৰ জিলাত মাওবাদীৰ আই ই ডি (Improvised Explosive Device) বিস্ফোৰণত আহত হয় এজন বি এছ এফৰ জোৱান আৰু দুজন ভোটগ্ৰহণ কৰ্মী। আৰক্ষীৰ সূত্ৰ অনুসৰি ভোটগ্ৰহণ কেন্দ্ৰলৈ যোৱাৰ পথত মাওবাদীয়ে তেওঁলোকক আক্ৰমণ কৰে। প্ৰসংগক্ৰমে ১০১৮ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কাংকেৰেত মাওবাদীৰ আক্ৰমণত নিহত হৈছিল এজন বি এছ এফৰ জোৱান।

ছত্তীশগড় আৰক্ষীৰ তথ্য অনুসৰি ছোটাবেঠিয়া থানাৰ বনাঞ্চলত মাওবাদীয়ে চাৰিটা ভোটগ্ৰহণ দল (ভোগী দল) আৰু বি এছ এফ আৰু তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্বত থকা বি এছ এফ আৰু ৰাজ্যিক আৰক্ষীৰ যুটীয়া বাহিনীক আক্ৰমণ কৰে। মাৰবেডা শিবিৰৰ পৰা আন্তগড় বিধানসভাৰ ৰেংগাঘাটী ৰেংগাগাণ্ডী ভোটকেন্দ্ৰলৈ লৈ যোৱাৰ সময়তে এই আক্ৰমণ সংঘটিত হয়। চাপৰ আই ই ডি বিস্ফোৰণৰ পিছত মাওবাদী গেৰিলাৰ সৈতে ঘনিষ্ঠ বন্দুক যুদ্ধ হয়। আক্ৰমণৰ খবৰ পোৱাৰ পিছতে অতিৰিক্ত বাহিনী ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হয়। আহতসকলক ওচৰৰ সৰুবেঠিয়া চিকিৎসালয়লৈ লৈ যোৱা হয়।

প্ৰতিবাৰৰ দৰে এইবাৰো নিষিদ্ধ সংগঠন চি পি আই (মাওবাদী)য়ে ছত্তীশগড়ত নিৰ্বাচন বৰ্জনৰ আহ্বান জনাইছে। তেওঁলোকৰ ভাবুকিৰ বাবে বস্তৰ আৰু দুৰ্গৰ ২০টা সমষ্টিত ভোটগ্ৰহণৰ পূৰ্বে কেন্দ্ৰীয় বাহিনীৰ ৭০০ৰো অধিক কোম্পানী (প্ৰতিটো কোম্পানীত ১০০ জনতকৈ অধিক জৱান আৰু বিষয়া থাকে)। ইয়াৰ উপৰিও মাওবাদী আক্ৰমণৰ আশংকা সৰ্বাধিক থকা ১০খন ‘অতি স্পৰ্শকাতৰ’ বিধানসভাত পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্ৰহণ নিষিদ্ধ কৰা হৈছে।

ৰাজ্যৰ ৯০টা বিধান সভা সমষ্টিৰ ভিতৰত এই পৰ্যায়ত মাওবাদী আক্রান্ত ২০টা কেন্দ্রত ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ ইয়াৰ ভিতৰত বস্তৰ সংমণ্ডলৰ সাতখন জিলাৰ (বস্তৰ, দন্তেৱাড়া, বিজাপুৰ, নাৰায়ণপুৰ, সুকমা, কোণ্ডাগাঁও আৰু কংকেৰ) আটাইকেইখন ১২খন বিধানসভা অন্তৰ্ভুক্ত। বাকী ৮ খন লাগোয়া দুৰ্গ সংমণ্ডলৰ চাৰিখন জিলাত। ১৭ নৱেম্বৰত ছত্তীশগড়ত ৭০টা বিধানসভা সমষ্টিত দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৩ ডিচেম্বৰত হ’ব গণনা। লগতে ৰাজস্থান, মধ্যপ্ৰদেশ, তেলেংগানা আৰু মিজোৰাম।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments