Tuesday, July 8, 2025
Homeঅসমজগু পেগুৱে কেনেকৈ গঁড় হত্যা কৰিছিল...

জগু পেগুৱে কেনেকৈ গঁড় হত্যা কৰিছিল…

👉 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিধন কৰা প্ৰথমটো গঁড় খৰ্গ বোকাখাতৰ মহুৰামুখত উদ্ধাৰ ৷
👉 দুৰ্ধৰ্ষ গঁড় চিকাৰী জগো পেগুক গ্ৰেপ্তাৰ ৷
👉 যোৱা ২২ জানুৱাৰীত অগৰাতলী বনাঞ্চলৰ মাকলুং বন শিবিৰৰ সমীপত চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰি খৰ্গ কাটি উধাও হৈছিল ৷
👉 বোকাখাতৰ দিচৈ গাঁও পঞ্চায়তৰ বৰবালি গাঁৱৰ চোৰাং চিকাৰী জগো পেগু (৩৫) ৷
👉 হত্যা কৰা গঁড়ৰ খৰ্গটো ঘৰৰ পাছফালে পুতি থৈছিল ৷
👉 লগতে এটা একে 47 ৰাইফল, মেগজিন, সক্ৰীয় গুলীৰ লগতে গঁড় নিধনৰ ক্ষেত্ৰত ব্যৱহৃত কেইবাটাও সৰঞ্জাম উদ্ধাৰ ৷
👉 কমাৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ১ নং অফলা গাঁৱত হৰেন কামান নামৰ লোকজনৰ ঘৰত লুকুৱাই থোৱা অৱস্থাত জব্দ ৷
👉 গোলাঘাটৰ SP ৰাজেন সিংৰ নেতৃত্বত অহা আৰক্ষী দল আৰু বন বিভাগৰ উদ্যোগত চলিছিল অভিযান ৷
👉 নাগালেণ্ডৰ ডিমাপুৰত গঁড়ৰ খৰ্গৰ বৃহৎ ৰেকেটৰ সন্ধান দিছে চোৰাং চিকাৰী জগো পেগুৱে ৷
👉 চোৰাং চিকাৰী জগো পেগুক লৈ আৰক্ষী আৰু বন বিভাগৰ দল ৰাওনা ডিমাপুৰলৈ ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আগৰাতলীৰ মকলুঙত গঁড় হত্যা সন্দৰ্ভত যোৱা নিশা জগু পেগু নামৰ ব্যক্তজনক খড়্গ আৰু বন্দুক সহ গ্ৰেপ্তাৰ কৰা হয় ।

ইয়াৰ পিছত আজি বোকাখাত আৰক্ষী থানাত গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিং, শীৰ্ষ আৰক্ষী বিষয়া,
কাজিৰঙাৰ বন সংমণ্ডল প্ৰাধিকাৰীৰ লগতে অগৰাতলী বনাঞ্চলৰ বনানঞ্চলিক বিষয়া উপস্থিতিত বোকাখাত আৰক্ষী থানাত এক সংবাদমেল অনুষ্ঠিত হয়।

সংবাদমেলত আৰক্ষী অধীক্ষকে জনাই যে গঁড় হত্যাকাৰী চিকাৰী জগু পেগুৱে কেনেকৈ গঁড় হত্যা কৰিছিল তাৰ বৰ্ণনা কৰে ।

আৰক্ষী অধীক্ষকজনে জনোৱা মতে অগৰাতলীত দুটাকৈ গঁড় হত্যা কৰিছিল জগু পেগু, হৰেন কামান, শুখদেউ কুটুম, ৰবীন পেগু আৰু মণিপুৰৰ ব্যক্তি জড়িত হৈ ৫ জনীয়া দল এক নেক্সাছ আছে বুলি দাবী কৰে । এই সংবাদমেলখনত DFO অৰুণ বিগনেছে মৃত গঁড় দুটা আৰু চোৰাং চিকাৰীৰ সন্দৰ্ভত কিছু তথ্য বৰ্ণনা কৰে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments