ডিজিটেল ডেস্ক, ANEWS24X7: নিৰ্বাচন আয়োগৰ আদেশক প্ৰত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্ত হৈছে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শিৱসেনা প্ৰধান উদ্ধৱ ঠাকৰে ৷
৮ অক্টোবৰত নিৰ্বাচন আয়োগে শিৱসেনা আৰু নিৰ্বাচনী প্ৰতীক ‘ধনু-কাড়’ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ নিৰ্বাচন আয়োগে উদ্ধৱ ঠাকৰে আৰু একনাথ চিন্দে গোটক বিকল্প নিৰ্বাচনী প্ৰতীক নিৰ্বাচন কৰিবলৈ নিৰ্দেশ দিছিল৷ ইয়াৰ পিছতে নিৰ্বাচন আয়োগৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্ত হৈছে উদ্ধৱ ঠাকৰে ৷
উল্লেখ্য যে, উদ্ধৱ ঠাকৰে তিনিটা নতুন নিৰ্বাচনী চিহ্ন আৰু তিনিটা নতুন নামৰ সৈতে নিৰ্বাচন আয়োগৰ ওচৰত আবেদন কৰিছে ৷ উদ্ধৱ ঠাকৰেৰ শিৱ সেনাৰ প্ৰথম পচন্দৰ নাম হৈছে ‘শিৱসেনা বালাচাহেব ঠাকৰে’ ৷
দ্বিতীয় পচন্দটো হৈছে ‘শিৱসেনা উদ্ধৱ বালাচাহেব’ আৰু তৃতীয় পচন্দ হৈছে ‘শিৱসেনা বালাচাহেব প্ৰবোধনকাৰ’ ৷ নিৰ্বাচনী প্ৰতীক চিহ্নৰ ক্ষেত্ৰত বালাচাহেব ঠাকৰেৰ প্ৰথম পচন্দ হৈছে ‘ত্ৰিশূল’ , দ্বিতীয় পচন্দটো হ’ল ‘ৰাইজিং চান’ আৰু তৃতীয় পচন্দ হৈছে ‘অগ্নি শিখা’ ৷