ডিজিটেল ডেস্ক, ANEWS24X7: বিভাজন নিশ্চিত শিৱসেনাৰ ৷ উদ্ধৱ ঠাকৰে আৰু একনাথ চিন্দে কেন্দ্ৰীক যুঁজখনে এতিয়া বিভাজনৰ দিশত ঠেলি দিছে শিৱসেনাক ৷ উদ্ধৱ ঠাকৰে ইতিমধ্যে নিৰ্বাচন আয়োগৰ ওচৰত শিৱ সেনাৰ নতুন নাম আৰু প্ৰতীক বিচাৰি আবেদন কৰিছে ৷ উদ্ধৱ ঠাকৰে তিনিটা নতুন নিৰ্বাচনী চিহ্ন আৰু তিনিটা নতুন নামৰ সৈতে নিৰ্বাচন আয়োগৰ ওচৰত আবেদন কৰিছে ৷
সূত্ৰৰ খবৰ অনুসৰি উদ্ধৱ ঠাকৰেৰ শিৱ সেনাৰ প্ৰথম পচন্দৰ নাম হৈছে ‘শিৱসেনা বালাচাহেব ঠাকৰে’ ৷ দ্বিতীয় পচন্দটো হৈছে ‘শিৱসেনা উদ্ধৱ বালাচাহেব’ আৰু তৃতীয় পচন্দ হৈছে ‘শিৱসেনা বালাচাহেব প্ৰবোধনকাৰ’ ৷ নিৰ্বাচনী প্ৰতীক চিহ্নৰ ক্ষেত্ৰত বালাচাহেব ঠাকৰেৰ প্ৰথম পচন্দ হৈছে ‘ত্ৰিশূল’ , দ্বিতীয় পচন্দটো হ’ল ‘ৰাইজিং চান’ আৰু তৃতীয় পচন্দ হৈছে ‘অগ্নি শিখা’ ৷
শনিবাৰে নিৰ্বাচন আয়োগে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত শিৱসেনাৰ কোনো এটা গোটকে ‘ধনু আৰু কাড়’ চিহ্ন আৰু ‘শিৱসেনা’ নাম ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নহ’ব বুলি ঘোষণা কৰিছিল । আয়োগে দুয়োটা গোটক বিকল্প বাছনি কৰিবৰ বাবে আহ্বান কৰিছিল। আয়োগৰ এই সিদ্ধান্তৰ পিছতে এতিয়া শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোট আৰু একনাথ চিন্দে গোটৰ মাজত তৎপৰতা বৃদ্ধি পাইছে৷আনহাতে মুম্বাইৰ আন্ধেৰী পূব সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনৰ বাবে দুয়োটা গোটে বৃদ্ধি কৰিছে তৎপৰতা ।
উল্লেখ্য যে ১৯৮৯ চনত শিৱসেনাই নিৰ্বাচনী প্ৰতীক হিচাপে ‘ধনু আৰু কাড়’ লাভ কৰিছিল ৷ ইয়াৰ পূৰ্বে বিভিন্ন সময়ত তেওঁলোকে বিভিন্ন প্ৰতীক চিহ্ন লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ৷ নিৰ্বাচন আয়োগৰ এই কঠোৰ সিদ্ধান্তৰ পিছতে নিজ নিজ সমৰ্থক সকলৰ লগত ইখনৰ পিছত সিখন বৈঠকত মিলিত হৈছে উদ্ধৱ ঠাকৰে আৰু একনাথ চিন্দে ৷