ডিজিটেল ডেস্ক ANEWS24X7: শিক্ষক দিৱস উপলক্ষে বিশ্ববিদ্যালয় অনুদান আয়োগৰ বৃহৎ ঘোষণা ৷ বিশ্ববিদ্যালয় অনুদান আয়োগে শিক্ষক দিৱস ২০২২ উপলক্ষে নতুন গৱেষণা অনুদান আৰু ফেল’শ্বিপ আঁচনিৰ আৰম্ভ কৰিব। ইয়াৰ জৰিয়তে ইউজিচি ইণ্ডিয়াই ৩টা গৱেষণা অনুদান আৰু ২ টা ফেল’শ্বিপ আঁচনি আৰম্ভ কৰিব। ইউজিচিৰ দ্বাৰা জাৰি কৰা তথ্য অনুসৰি, অনুষদ সদস্য আৰু সেৱাত থকা শিক্ষকসকলৰ বাবে তিনিটা গৱেষণা অনুদান আৰম্ভ কৰা হ’ব।
এই অনুদান কেইটা হৈছে -সেৱাত থকা অনুষদৰ সদস্যসকলৰ বাবে গৱেষণা অনুদান । ইয়াৰ কাৰ্যকাল ২ বছৰৰ বাবে হ’ব।নতুনকৈ নিয়োজিত সকললৈ ড৹ ডি.এছ. কোঠাৰী গৱেষণা অনুদান । ড৹ ডি.এছ. কোঠাৰী আঁচনি হৈছে বিজ্ঞান, চিকিৎসা আৰু অভিযান্ত্ৰিক বিজ্ঞানৰ ক্ষেত্ৰত থকা সকলৰ বাবে এক প’ষ্ট-ডক্টৰেল গৱেষণা অনুদান।
ইয়াৰ কাৰ্যকাল ২ বছৰৰ বাবে হ’ব।অৱসৰপ্ৰাপ্ত অনুষদ সদস্যসকলৰ বাবে ফেল’শ্বিপ । ইউজিচি য়ে গৱেষণা আৰু শিক্ষণ কাৰ্যসূচীত সক্ৰিয়ভাৱে নিয়োজিত অৱসৰপ্ৰাপ্ত শিক্ষকসকলক সুযোগ প্ৰদান কৰাৰ বাবে এই আঁচনিখন আৰম্ভ কৰিছে। ইয়াৰ কাৰ্যকাল ৩ বছৰৰ বাবে হ’ব।
ফেল’শ্বিপ আঁচনিৰ অধীনত এক প’ষ্ট-ডক্টৰেল আৰু ডক্টৰেল আঁচনি আৰম্ভ কৰা হ’ব। এইবোৰ হৈছে -ড০ ৰাধাকৃষ্ণণ ইউজিচি প’ষ্ট-ডক্টৰেল ফেল’শ্বিপ আঁচনি । এই ফেল’শ্বিপৰ আঁৰৰ উদ্দেশ্য হৈছে ভাৰতীয় বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু প্ৰতিষ্ঠানৰ ভাষাকে ধৰি মানৱবিজ্ঞান আৰু সামাজিক বিজ্ঞানৰ ক্ষেত্ৰত উন্নত অধ্যয়ন আৰু গৱেষণা কৰাৰ সুযোগ প্ৰদান কৰা। ইয়াৰ কাৰ্যকাল ৩ বছৰৰ বাবে হ’ব। আৰু একক কন্যা সন্তানৰ বাবে সাবিত্ৰীবাঈ জ্যোতিৰাও ফুলে ফেল’শ্বিপ । এই ডক্টৰেল ফেল’শ্বিপৰ কাৰ্যকাল ৫ বছৰৰ বাবে হ’ব।