Sunday, July 6, 2025
Homeআন্তঃৰাষ্ট্ৰীয়ৰাষ্ট্ৰসংঘৰ পৰা সেনা প্ৰত্যাহাৰ ইউক্ৰেইনৰ

ৰাষ্ট্ৰসংঘৰ পৰা সেনা প্ৰত্যাহাৰ ইউক্ৰেইনৰ

ডিজিটেল ডেস্ক, ANEWS24X7: বৰ্তমানেও অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ ৷ এই যুদ্ধত বিশ্বৰ কেইবাখনো দেশে ইউক্ৰেইনক সমৰ্থন জনোৱাৰ লগতে সামৰিক সাহাৰ্যও প্ৰদান কৰিছে ৷ ইয়াৰ মাজতে ইউক্ৰেইন চৰকাৰে লৈছে এক বৃহৎ সিদ্ধান্ত ৷ ইউক্ৰেইন চৰকাৰে ৰাষ্ট্ৰসংঘৰ শান্তি বাহিনীত নিয়োজিত হৈ থকা সেনাক প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

ইতিমধ্যে ডেমক্ৰেটিক ৰিপাব্লিক অব কংগোত বিদ্ৰোহী শক্তিক দমন কৰিবৰ বাবে ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানত নিয়োজিত ২৫০ জনতকৈ অধিক সেনাক নিজৰ দেশলৈ উভতাই আনিছে ৷ ইয়াৰ পূৰ্বেও মাৰ্চ মাহত ইউক্ৰেইনে ৰাষ্ট্ৰসংঘৰ পৰা এক বিমান শাখা প্ৰত্যাহাৰ কৰিছিল ৷ এই অভিযানত ইউক্ৰেইনৰ মুঠ ৮ খন হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছিল ৷কেৱল এয়ে নহয় ৰাছিয়াৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ পিছতে ৰাষ্ট্ৰসংঘৰ হৈ বিভিন্ন দেশত নিয়োজিত হৈ থকা সেনা সকলক ইউক্ৰেইন চৰকাৰে প্ৰত্যাহাৰ কৰিছিল ৷

ইউক্ৰেইনে ৰাষ্ট্ৰসংঘৰ দ্বাৰা পৰিচালিত বিভিন্ন অভিযানৰ পৰা নিজৰ সেনা প্ৰত্যাহাৰ কৰাৰ ফলত অভিযান সমূহ দুৰ্বল হৈ পৰিব পাৰে বুলি আশংকা কৰিছে যুদ্ধ বিশেষজ্ঞ সকলে ৷ ডেমক্ৰেটিক ৰিপাব্লিক অব কংগোৰ পৰা ইউক্ৰেইনে সেনা প্ৰত্যাহাৰ কৰা সন্দৰ্ভত কংগোৰ সংসদীয় প্ৰতিৰক্ষা সমিতিৰ দায়িত্বত থকা জেক এঞ্জেলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ জেক এঞ্জেলীয়ে কয় যে ,‘‘ সেনা প্ৰত্যাহাৰ কৰা ঘটনাটো তুলনামূলক ভাৱে গুৰুত্বপূৰ্ণ বিষয় ৷ দেশখনৰ শান্তি পুনৰুদ্ধাৰ কৰাটো মুখ্যত কংগোলীয় সেনাৰ দ্বায়িত্ব ৷’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments