Sunday, July 6, 2025
Homeঅসমউৎফুল্লিত হৈ পৰিছে উমাৰ পৰিয়াল

উৎফুল্লিত হৈ পৰিছে উমাৰ পৰিয়াল

সন্দিপ পানিকা, বোকাখাত: বোকাখাত তথা অসমৰ প্ৰথম গৰাকী মহিলা ক্ৰিকেটাৰ উমা ছেত্ৰীয়ে স্থান লাভ কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল টীমত । এই খৱৰত এতিয়া উৎফুল্লিত হৈ পৰিছে উমাৰ পৰিয়াল।পৰিয়লৰ লগতে গাওঁবাসীয়ে আনন্দতে নাচি বাগি উমালৈ জনালে শুভেচ্ছা।

৯ জুলাইৰ পৰা বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া আৰু T20 শৃংখলাত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল টীমৰ হৈ খেলিব উমা চেত্ৰীয়ে। ১২ জুনত হংকংত অনুস্থিত হোৱা মহিলা এছিয়া কাপ ক্ৰিকেটৰ ভাৰতীয় এ দলত স্থান লাভ কৰিছিল উমা ছেত্ৰীয়ে ।

বোকাখাতৰ কান্ধুলীমাৰী গাৱঁৰ জীয়ৰী উমাই ২০১২ চনৰ পৰা ক্ৰিকেটকেই মূল খেল হিচাবে বাচি লৈছিল ৷ বান অধ্যুষিত কান্ধুলিমাৰিৰ বোকাময় পথেৰে লোকবাহাদুৰ ছেত্ৰী আৰু দীপা ছেত্ৰীৰ একমাত্ৰ কন্যা উমাই প্ৰায় ৮ কিলোমিটাৰ পথ খোজকাঢ়ি বোকাখাত ৰাজহুৱা খেলপথাৰত ক্ৰিকেটৰ অনুশীলন চলাই গৈছিল ৷ প্ৰথমে বোকাখাতৰ হৈ পৰৱৰ্তি সময়ত জিলা আৰু অসম মহিলা ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰি মহিলা ক্ৰিকেটাৰ হিচাবে নিজক চিনাকী দিবলৈ সক্ষম হৈছিল উমা ৷ তাৰ ফলশ্ৰুতিতেই ভাৰতীয় মহিলা ক্ৰিকেটৰ মূল দলত অন্তৰ্ভুক্ত হ’বলৈ সক্ষম হ’ল উমা।

✍️বোকাখাতৰ পৰা সন্দিপ পানিকা

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments