নিউজ ডেস্ক, ANEWS24X7: গুৱাহাটীত কেন্দ্ৰীয় ক্ৰীড়া, যুৱ পৰিক্ৰমা, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰ ৷ শক্তিপীঠ কমাখ্যা দৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷ অহা ৬ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব লগিয়া প্ৰথমখন ৱাই-২০ৰ তৰুণ গোটৰ বৈঠকৰ পৰ্যালোচনাৰ বাবে গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ ৷
এই সন্দৰ্ভত আইআইটি গুৱাহাটী , শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আদিৰ দৰে স্থানসমূহ পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে ৷ আনহাতে ৱাই-২০ বৈঠকৰ সফলতাৰ পৰিকল্পনা কৰিবলৈ বিভাগীয় বিষয়া সকলৰ সৈতে এক আলোচনাতো মিলিত হয় ৷ অনুষ্ঠানটোত যুৱক-যুৱতীসকলৰ সক্ৰিয় অংশগ্ৰহণৰ ক্ষেত্ৰত আশা প্ৰকাশ কৰি সাংস্কৃতিক পৰম্পৰা আদান প্ৰদান আৰু শান্তি প্ৰক্ৰিয়া আদি বিষয়ত পৰ্যালোচনাৰ বাবে গুৰুত্ব আৰোপ কৰে ৷
কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে এই সন্দৰ্ভত কয় যে ,‘‘অসমে অনুষ্ঠানটোৰ প্ৰস্তুতিৰ বাবে ভাল কাম কৰি আছে ৷ আশা কৰো যে অসমৰ পৰম্পৰা, সংস্কৃতি প্ৰদৰ্শনৰ বাবে ৱাই-২০ এক বৃহৎ মঞ্চ হিচাপে পৰিগণিত হ’ব ৷ এই বৈঠকত বিশ্বৰ ২০ খন দেশৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ ২৫০ জনতকৈ অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷’’