ডিজিটেল ডেস্ক, ANEWS24X7: বুধবাৰে অসমত উপস্থিত হয় কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী। বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতেই কামাখ্যা মন্দিৰ অভিমুখে ৰাওনা হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।
- কামাখ্যা দেৱী মন্দিৰত ‘ভাৰত মাতা’ৰ বিকাশ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
- অসম ভ্ৰমণৰ সময়চোৱাত তেওঁ মন্ত্ৰালয়ৰ দ্বাৰা ৰূপায়ণ কৰা বিভিন্ন প্ৰকল্পৰ বিষয়ে পৰ্যালোচনা কৰিব।
ৰেডিয়েশ্বন ব্লুত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰণি জনাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখে যে, ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ মাননীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই মন্ত্ৰালয়ে ৰূপায়ণ কৰা বিভিন্ন প্ৰকল্পৰ পৰ্যালোচনা কৰিবলৈ অসম ভ্ৰমণলৈ আহিছে। ই আমাৰ বাবে এক সন্মানৰ বিষয়। আজি তেওঁক আদৰণি জনাই আনন্দিত হৈছো