ডিজিটেল ডেস্ক, ANEWS24X7: পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ মক্ৰত সংঘটিত হয় গুলীচালনাৰ ঘটনা। আৰক্ষীৰ টহলদাৰী দললৈ লক্ষ্য কৰি আক্ৰমণ চলাইছিল খাচী দুৰ্বৃত্তই।
পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিডিঙৰ মুক্ৰত সংঘটিত হয় এই ঘটনা। এই গুলীচালনাৰ ঘটনাত নিহত হয় ৪ জন লোক। নিহত হয় এগৰাকী গৃহৰক্ষী জোৱানৰ লগতে ৩ খাচী দুৰ্বৃত্ত। লগতে আহত হয় আন এগৰাকী জোৱান। নিহত গৃহৰক্ষী বাহিনীৰ জোৱান বিদ্যাছিং লেকথে আৰু এই ঘটনাত আহত হোৱা জোৱানজনৰ নাম হৈছে অভিমুন্য।
চোৰাং কাঠভৰ্তি বাহন জব্দ কৰাৰ পিছতে এই সংঘাতৰ সৃষ্টি হৈছিল। জব্দ কৰিবলৈ যাওঁতেই সৃষ্টি হয় উত্তেজনাৰ। হাতে হাতে যাঁঠি লৈ আৰক্ষীৰ লোকক আক্ৰমণ দুৰ্বৃত্তৰ। প্ৰায় ৩ শতাধিক লোকে আৰক্ষী–বন বিভাগৰ দলক ঘেৰি ধৰিছিল।
বৰ্তমানো সমগ্ৰ অঞ্চলটোত এক চেপা উত্তেজনাই বিৰাজ কৰিছে। লগতে মেঘালয়লৈ যোৱা সকলো যান-বাহনৰ চলাচল ইতিমধ্য বন্ধ কৰি দিছে অসম আৰক্ষীয়ে।