ডিজিটেল ডেস্ক ANEWS24X7: অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰা হয় ভাৰত ভূষণ দেৱচৌধুৰীক ৷ শনিবাৰে ৰাজ্যপাল জগদীশ মুখীয়ে শপত বাক্য পাঠ কৰাই অসম লোকসেৱা আয়োগৰ নৱ নিৰ্বাচিত অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰীক ৷

জনতা ভৱনত অনুষ্ঠিত হোৱা উক্ত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তকে কৰি কেইবাজনো গুৰুত্বপূৰ্ণ ব্যক্তি ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম লোকসেৱা আয়োগৰ নৱ নিৰ্বাচিত অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰীক শুভেচ্ছা জ্ঞাপন কৰে ৷
