ডিজিটেল ডেস্ক, ১৬জুলাইঃ ৰেচন কাৰ্ড সন্দৰ্ভত প্ৰশাসনে জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। প্ৰশাসনক ঘূৰাই দিব লাগিব আপোনাৰ ৰেচন কাৰ্ডখন। ৰেচন কাৰ্ডক লৈ প্ৰশাসনে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। এই কঠোৰ নিয়ম বান্ধি দিলে প্ৰশাসনে। হিতাধিতাৰীয়ে স্ব-ইচ্ছাই নিজৰ ৰেচন কাৰ্ডখন ঘূৰাই দিয়াৰ আহ্বান জনাইছে প্ৰশাসনে।
যদি বাৰ্ষিক আয় ৪লাখৰ ঊৰ্ধ্বত হয় তেনেহ’লে সেই ব্যক্তিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰী হ’ব নোৱাৰিব। তেনে হিতাধিকাৰী পৰিয়ালক ৰেচন কাৰ্ড ঘূৰাই দিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনে । ইয়াৰোপৰি স্ব- ইচ্ছাই ঘূৰাই দিয়া ৰেচন কাৰ্ডৰ গৰাকীক প্ৰদান কৰা হ’ব প্ৰশংসা পত্ৰ। এই সন্দৰ্ভত হোজাই প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা।