Tuesday, July 8, 2025
Homeঅসমন্যায় বিচাৰি নামঘৰ-সত্ৰই ঘূৰি ফুৰিছে উৰ্বশী মৰাণ

ন্যায় বিচাৰি নামঘৰ-সত্ৰই ঘূৰি ফুৰিছে উৰ্বশী মৰাণ

ডিজিটেল ডেস্ক, ANEWS24X7:  লিডু কয়লা খনিত অবৈধ ভাৱে কয়লা খনন কৰিবলৈ গৈ নিৰুদিষ্ট হোৱা প্ৰাঞ্জল মৰাণ প্ৰসংগই সমগ্ৰ ৰাজ্যখনতে তোলপাৰ লগোৱাৰ সময়তে উৰ্বশীৰ আন এক ভাষ্য পোহৰলৈ আহিছে। সমগ্ৰ ন্যায় প্ৰক্ৰিয়াটো যাতে সুকলমে আৰু সকলো বোৰ সত্য পোহৰলৈ আহে তাৰ বাবে নিৰুদিষ্ট প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্বশী মৰাণ এতিয়া নেদেখা জনৰ আশীৰ্বাদ বিচাৰি সত্ৰৰ দোৱাৰদলীত।

আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰাৰ পিছতেই প্ৰাঞ্জল মৰাণৰ নিৰুদ্দেশ হোৱাৰ গোচৰৰ ভিত্তিত বৰ্তমান ৰূপ চাই আৰু বাবু পাহাৰীয়া নামৰ দুজন‌ কয়লা চোৰক গ্ৰেপ্তাৰ কৰিছে যদিও কয়লা মাফিয়া বি গণেশক গ্ৰেপ্তাৰ নকৰাত ক্ষুভিত হৈ পৰা দেখা গৈছে দুৰ্ভগীয়া উৰ্বশী মৰাণক। এক অভিযোগ অনুসৰি তিনিচুকীয়া জিলাৰ মাকুমৰ বাবা হোটেলত কেছ উঠোৱাৰ বাবদ দৰ দাম কৰিছিল মৰাণ সভাৰ সভাপতি ৰাজিৱ বড়া আৰু মাকুম আঞ্চলিক সমিতিৰ সভাপতি কুসুম্বৰ নেওগে।

মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়াই সংবাদ মাধ্যমৰ আগত উৰ্বশীলৈ ফোন কৰা কথা পোনচাতেই নাকচ কৰিছিল যদিও উৰ্বশীৰ ম’বাইলত কল হিষ্ট্ৰি আছে আৰু ইতিমধ্যে আৰক্ষীক সমগ্ৰ তথ্য দিছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments