Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়ভয়ংকৰ বিপদৰ দিশে দেৱভূমি উত্তৰাখণ্ড

ভয়ংকৰ বিপদৰ দিশে দেৱভূমি উত্তৰাখণ্ড

ডিজিটেল ডেস্ক, ANEW24X7: সংকটত দেৱভূমি উত্তৰাখণ্ড ৷ ধাৰাবাহিক ভূমিস্খলনৰ ফলত বিপৰ্যয়ৰ সন্মুখীন যোশীমঠ ৷ অঞ্চলটোৰ ৫৬১ টা বাসগৃহত ফাট মেলা পৰিলক্ষিত হৈছে ৷ নিশাৰ ভিতৰতে ভূখণ্ড বহি গৈছে ৷ ইয়াৰ ফলত যিকোনো মুহূৰ্ততে অঞ্চলটোত দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভৱনা বৃদ্ধি পাইছে ৷

ৰাজ্যখনৰ দুৰ্যোগ নিৰ্বাপন বাহিনীয়ে বিপদ প্ৰতিৰোধ কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে ৷ ইতিমধ্যে যোশীমঠ ক্ৰেক অঞ্চলৰ পৰা প্ৰায় ৬৬ টা পৰিয়ালক স্থানান্তৰ কৰা হৈছে ৷ মুখ্যমন্ত্ৰী পুষ্কৰ সিঙ ধামিয়ে পৰিদৰ্শন কৰিব সমগ্ৰ অঞ্চল ৷

বিগত কেইবামাহ ধৰি উত্তৰাখণ্ডৰ বৃহৎ অঞ্চলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৷ ইয়াৰ উপৰিও পাহাৰ কাটি একাধিক পথ নিৰ্মাণ কৰাৰ বাবে ক্ষতিগ্ৰস্ত হৈছে অঞ্চলটো ৷ ফলত সঘন বানপানী আৰু ভূমিস্খলন সংঘটিত হৈ আহিছে ৷

ঘটনা সন্দৰ্ভত যোশীমঠ পৌৰ নিগমৰ অধ্যক্ষ শৌলেন্দ্ৰ পাৱাৰে কয় যে ,‘‘ যোশীমঠৰ ৫৬১ টা ঘৰত ফাট মেলা দেখা গৈছে সিংধৰ আৰু মাৰোৱাৰী অঞ্চলৰ ঘৰবোৰত ব্যাপক ফাট মেলা পৰিলক্ষিত হৈছে ৷ ইয়াৰ উপৰিও বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰৰ সিংধৰ জৈন অঞ্চল আৰু বন বিভাগৰ চেক পোষ্টৰ ওচৰত ফাট লবলৈ আৰম্ভ হৈছে ৷ প্ৰতিঘন্টাত ফাঁটসমূহ বৃদ্ধিহবলৈ ধৰিছে ৷’’

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিঙ ধামীয়ে অঞ্চলটোৰ ৰাইজৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে , ‘‘যোশীমঠৰ বাসিন্দাসকল যাতে কোনো বিপদৰ সন্মুখীন নহয় তাৰ প্ৰতি উপযুক্ত পদক্ষেপ লোৱা হ’ব ৷’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments