Saturday, July 5, 2025
Homeসাহিত্যতুলসীকলৈ বাস্তু টিপচ্

তুলসীকলৈ বাস্তু টিপচ্

ডিজিটেল ডেস্ক,  ANEWS24X7: হিন্দু শাস্ত্ৰৰ মতে এই পৃথিবীৰ অন্যতম পবিত্ৰ উদ্ভিদবিধ হৈছে তুলসী ৷ তুলসীকলৈ আছে ধৰ্মীয় বিশ্বাস ৷ ধৰ্মীয় মান্যতা অনুসৰি দেওবাৰে তুলসী পাত ছিঙিব নালাগে ৷ ইয়াৰ আঁৰত আছে এক ৰহস্য ৷ দেওবাৰে তুলসীৰ পাত ছিঙিব নালাগে বুলি আপুনি নিশ্চয় প্ৰায়ে শুনিছে, কিন্তু ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ কি ? ইয়াৰ আঁৰৰ কাৰণ মাতৃ তুলসী আৰু ভগৱান বিষ্ণুৰ সম্পৰ্ক ৷ বিশ্বাস কৰা হয় যে দেওবাৰ দিনটো শ্ৰী বিষ্ণুৰ বাবে অতিকৈ প্ৰিয় , আনহাতে মাতৃ তুলসীও ভগৱান বিষ্ণুৰ অতি প্ৰিয় ৷ সেইবাবে ধৰ্মীয় বিশ্বাস অনুসৰি দেওবাৰে তুলসীৰ পাত ছিঙিব নালাগে ৷

তুলসীৰ পাত ছিঙিব কিয় নাপায়-

ধৰ্মীয় বিশ্বাস অনুসৰি হিন্দু ধৰ্মত তুলসী উদ্ভিদ শ্ৰদ্ধাৰ ৷ মাতৃ তুলসী সন্দৰ্ভত ধৰ্মীয় গ্ৰন্থত বহুতো কাহিনী উল্লেখ আছে ৷ বিশ্বাস কৰা হয় যে তুলসী দেৱী ভগৱান বিষ্ণুৰ অতি প্ৰিয় আৰু তেওঁৰ হৃদয়ত এক বিশেষ স্থান আছে ৷ দেৱী তুলসী হৰি বিষ্ণুৰ এক ৰূপ ভগৱান শলিগ্ৰামৰ পত্নী ৷ কাৰ্তিক মাহৰ একাদশীত ভগৱান শলিগ্ৰাম আৰু মাতৃ তুলসী বিবাহৰ বান্ধোনত বান্ধ খাইছিল।

মা তুলসীক হৰি বিষ্ণুৱে আশীৰ্বাদ দিছিল যে যি পূজাত তুলসী উপস্থিত নাথাকে সেই পূজা গ্ৰহণ কৰা নহ’ব ৷ সেইবাবে পূজা আৰু শুভ কামত মাতৃ তুলসীক বিশেষ স্থান দিয়া হয় ৷ যেতিয়ালৈকে প্ৰসাদত তুলসী দিয়া নহয় তেতিয়ালৈকে ভগৱানে গ্ৰহণ নকৰে ৷

আন দিনবোৰত ভক্তৰ মংগলৰ বাবে মা তুলসী উপস্থিত থাকে ৷ দেওবাৰে মা তুলসীয়ে ভগৱান বিষ্ণুৰ আৰাধনাত নিমগ্ন হৈ থাকে ৷ সেইয়েহে দেওবাৰৰ দিনটোত তুলসী পাত ছিঙিব নাপায় ৷ দেওবাৰৰ দিনটোত তুলসী পাত ছিঙিলে মা তুলসী ধ্যান ভংগ হয় বুলি বিশ্বাস কৰা হয় ৷

আৰু কোনটো দিনত তুলসীৰ পাত ছিঙিব নাপায়

দেওবাৰৰ বাহিৰেও একাদশীৰ দিনতো তুলসীৰ পাত ছিঙিব নাপায় । একাদশীক ভগৱান বিষ্ণুৰ দিন বুলি গণ্য কৰা হয় আৰু একাদশীৰ দিনটোতে মাতৃ তুলসীয়ে ভগৱান বিষ্ণুৰ বাবে জলবিহীন উপবাস পালন কৰে, গতিকে একাদশীৰ দিনা তুলসী গছত পানীও দিব নালাগে ৷ একাদশীৰ দিনটোত তুলসী গছত পানী ঢালিলে মা তুলসীৰ ব্ৰত ভংগ হয় । ইয়াৰ লগতে তুলসীৰ পাতও ছিঙিব নালাগে।

(:Disclaimer: ইয়াত দিয়া তথ্যসমূহ সাধাৰণ বিশ্বাস আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। Anews24x7য়ে ইয়াক নিশ্চিত নকৰে।)

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments