ডিজিটেল ডেস্ক, ANEWS24X7: বলিউডৰ প্ৰবীণ অভিনেতা বিক্ৰম গোখলে আৰু নাই ৷ শনিবাৰে পুনেৰ দীননাথ মাংগেশকাৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ ৷
হিন্দী আৰু মাৰাঠী ভাষাৰ চলচিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল গোখলে ৷ ১৯৭১ চনত অমিতাভ বচ্চন অভিনীত পৰৱানা ছবিৰ জৰিয়তে অভিনয়ৰ জগতখনত অভিষেক ঘটে গোখলেৰ ৷ হম দিল দে চুকে চনম , ভূল ভূলাইয়া, দিল ছে, দে দনা দন, মিছন মংগল আদি বিগ বাজেতৰ ছবিত অভিনয় কৰিছিল ৷
ইয়াৰ ওপৰিও সিংহাসন, জীৱন সাথী, বীৰুধ, সঞ্জীৱনী আদি টেলিভিছন অনুষ্ঠানতো তেওঁ অভিনয় কৰিছিল। ২০২০ চনত অ’টিটিত মুক্তি পোৱা অভ্ৰ’ধ: দ্য ছিজ উইথিনত দেখা গৈছিল অভিনেতাগৰাকীক।
২০১০ চনত মাৰাঠী ছবি ‘অনুমতি’ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা কৰিছিল অভিনেতাগৰাকীয়ে।