ডিজিটেল ডেস্ক, anews24x7: কাছগঞ্জৰ এছ এইচ অ’ই এগৰাকী কনিষ্ঠ মহিলা পুলিচৰ কান্ধত মালিচ কৰা এটা ভিডিঅ’সম্প্ৰতি সকলোতে চৰ্চিত হৈ পৰিছে ।
তেওঁৰ চিনিয়ৰসকলৰ দৃষ্টিগোচৰ কৰাৰ পিছতে এছ এইচ অ’গৰাকীক আৰক্ষী লাইনলৈ প্ৰেৰণ কৰি তেওঁৰ বিৰুদ্ধে অধিক তদন্ত অব্যাহত ৰাখিছে ।
ভিডিঅ’টোত দেখা গৈছে যে এছ এইচ অ’জনে চকী এখনত বহি থকাৰ বিপৰীতে কনিষ্ঠ পুলিচজনে থিয় হৈ এছ এইচ অ’ৰ কান্ধত মালিচ কৰি থকা । এই ভিডিঅটোৱে এতিয়া সকলোতে তুলপাৰ লগাইছে ।