ডিজিটেল ডেস্ক ANEWS24X7: দীৰ্ঘদিনৰ অন্তত বিৰাত কোহলী আহিল পুনৰ ফৰ্মট ৷ প্ৰায় দুটা বছৰৰ পিছত শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে বিৰাত কোহলি ৷ বৃহস্পতিবাৰে ডুবাইত অনুষ্ঠিত হোৱা এছিয়া কাপৰ মেচত আফগানিস্তানৰ বিৰুদ্ধে বিৰাটৰ বিৰাত ৰূপ দেখিবলৈ পোৱা গৈছিল ।
মেচখনত কেৰিয়াৰৰ ৭১ তম শতক অৰ্জন কৰিলে বিৰাটে। ইয়াৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচত সুদীৰ্ঘ অপেক্ষাৰ পিছত বিৰাটে সংগ্ৰহ কৰিলে শতক । ইয়াৰ পূৰ্বে ২০২০ চনৰ ২৩ নৱেম্বৰত বাংলাদেশৰ বিৰুদ্ধে কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা দিবা-নৈশ টেষ্টত শেষবাৰৰ বাবে শতক অৰ্জন কৰিছিল বিৰাটে।