ডিজিটেল ডেস্ক, A NEWS 24×7: বুধবাৰে হায়দৰাবাদত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়া খেলত মাত্ৰ ১৪৫টা বলত প্ৰথমবাৰৰ বাবে দ্বৈত শতক অৰ্জন কৰে শুবমান গিলে। দ্বৈত শতক অৰ্জন কৰা পঞ্চমজন ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় শুভমন গিল।
১৯টা বাউণ্ডেৰী আৰু ৮টা ছয়ৰে দ্বৈত শতক অৰ্জন শুভমন গিলৰ। ইয়াৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিছিল শচীন টেণ্ডুলকাৰ, বীৰেন্দ্ৰ ছেহৱাগ, ৰোহিত শৰ্মা আৰু ঈশান কিষানে। এদিনীয়া খেলত দ্বৈত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ হিচাপেও পৰিগণিত হয় শুভমন গিল।
বিৰাট কোহলী, শিখৰ ধাৱানৰ অভিলেখ ভংগ কৰি ১৯টা ইনিংছত ১০০০ ৰাণ কৰাৰ অভিলেখ গঢ়িলে শুভমনে। পূৰ্বে বিৰাট আৰু শিখৰে ২৪টা ইনিংছত ১০০০ ৰাণ সংগ্ৰহ কৰিছিল।