Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়ভ্লাডিমিৰ পুটিনৰ সিদ্ধান্ত , সীমান্তলৈ প্ৰেৰণ কৰিব সংগীত শিল্পী

ভ্লাডিমিৰ পুটিনৰ সিদ্ধান্ত , সীমান্তলৈ প্ৰেৰণ কৰিব সংগীত শিল্পী

 

ডিজিটেল ডেস্ক, ANEWS24X7 : বিগত ৯ মাহ ধৰি চলি আছে ইউক্ৰেইন-ৰাছিয়াৰ মাজত যুদ্ধ ৷ ৰাছিয়াৰ আক্ৰমণাত্মক স্থিতিৰ বিপৰিতে ইউক্ৰেইনে আব্যাহত ৰাখিছে প্ৰত্যাক্ৰমণ ৷

ৰাছিয়াই বাৰে বাৰে চেষ্টা কৰিও দখল কৰিব পৰা নাই ইউক্ৰেইনৰ ৰাজধানী কিয়েভ ৷ ইয়াৰ ফলত এক প্ৰকাৰে ভাঙি পৰিছে ৰাছিয়াৰ জোৱান সকল ৷ জোৱান সকলৰ মনোৱল বৃদ্ধি কৰিবলৈ ৰাছিয়া চৰকাৰে লৈছে বিশেষ পদক্ষেপ ৷

ৰাছিয়ান ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে সীমান্তলৈ প্ৰেৰণ কৰিব সংগীত শিল্পী সকলক ৷ ইয়াৰ বাবে সাজু কৰা হৈছে সংগীত শিল্পীৰ দল ৷ এই সংগীত শিল্পীৰ দলটোক কোৱা হ’ব ‘‘ফ্ৰন্ট লাইন ক্ৰিয়েটিভ ব্ৰিগেড’’ ৷

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ এই সিদ্ধান্তকলৈ সমগ্ৰ বিশ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে পূৰ্বতে এনেধৰণৰ শিল্পীৰ দল সমূহ শান্তি প্ৰতিষ্ঠাৰ বাবে যুদ্ধ জৰ্জৰিত অঞ্চললৈ গৈছিল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments