ডিজিটেল ডেস্ক,ANEWS24X7: শুক্ৰবাৰে আমেৰিকা আৰু পশ্মিমীয়া বিশ্বক লক্ষ্য কৰি লয় ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে৷ইউক্ৰেইনৰ চাৰিটা অঞ্চল ৰাছিয়াত আনুষ্ঠানিক অন্তৰ্ভুক্ত কৰা অনুষ্ঠানত ভাষণ প্ৰদান কৰি পুনৰ আমেৰিকা আৰু পশ্মিমীয়া বিশ্বৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক স্থিতি হয় পুটিনে ৷
৩৭ মিনিটজোৰা এই ভাষণত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু মিত্ৰশক্তিয়ে ৰাছিয়াত উপনিবেশ স্থাপন কৰাৰ চেষ্টা কৰিছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ৷
পুতিনে লগতে কয় যে, ‘‘তেওঁলোকে ভাৰতৰ দৰে এখন দেশতো লুন্ঠনৰাজ চলাইছে ৷ তেওঁলোকে আফ্ৰিকা,ভাৰত আৰু চীনক লুটিছে৷এতিয়া ৰাছিয়া আৰু ইৰাণ,তাৰপিছতে পৰৱৰ্তী লক্ষ্য হ’ব আপোনালোক। আমি আমাৰ দেশক পশ্চিমীয়া বিশ্বৰ উপনিবেশ হ’বলৈ দিয়া নাই।’’
পুতিনে ইতিহাসৰ উদ্ধৃতি দি কয় যে , ‘‘১৮৫৭ চনত ভাৰতৰ চিপাহী বিদ্ৰোহ আৰু ১৮৪০ চনৰ ভিতৰত চীনৰ আফিম যুদ্ধৰ ৷পশ্চিমীয়া বিশ্বই ভাৰত, আফ্ৰিকা, চীনক লুণ্ঠন কৰিছে। তেওঁলোকে যি কৰিছিল তাৰ ফলস্বৰূপে, সমগ্ৰ দেশতে ড্ৰাগছ আৰু অন্যান্য সামগ্ৰীবোৰ ব্যাপকভাৱে বিয়পি পৰিছিল। তেওঁলোকে প্ৰকৃততে মানুহক বলি কৰিছিল।আমি গৌৰৱান্বিত যে আমি তেওঁলোকক আন কোনো দেশ লুণ্ঠন কৰিবলৈ অনুমতি দিয়া নাই।’’