ডিজিটেল ডেস্ক,ANEWS24X7: আজি দেশৰ ছয় ৰাজ্যৰ ৭ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ ৷পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷
মহাৰাষ্ট্ৰ , হাৰিয়ানা , বিহাৰ , তেলেংগানা, উৰিষ্যা আৰু উত্তৰ প্ৰদেশত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন ৷ বিহাৰৰ দুটা সমষ্টি , মহাৰাষ্ট্ৰ , হাৰিয়ানা , তেলেংগানা, উৰিষ্যা আৰু উত্তৰ প্ৰদেশৰ এটা সমষ্টিত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন ৷

অগন্তুক ৬নৱেম্বৰত এই ৭ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব ৷বিহাৰৰ মোকামা আৰু গোলাপগঞ্জ, মহাৰাষ্ট্ৰৰ অন্ধেৰী (পূব), হাৰিয়ানাৰ আদমপুৰ, তেলাংগানাৰ মুনুগোডে, উত্তৰ প্ৰদেশৰ গোলা গোকৰণনাথ আৰু উৰিষ্যাৰ ধামনগৰত অনুষ্ঠিত উপ-নিৰ্বাচনত কোনে শেষ হাঁহি মাৰিব সেইয়া অহা ৬ নৱেম্বৰৰ ফলাফলে স্পষ্ট কৰিব।
