ডিজিটেল ডেস্ক, ANEWS24X7: আজি বহু চৰ্চিত হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটদানৰ দিন। পুৱা ৮ বজাৰ পৰা হিমাচল প্ৰদেশৰ ৬৮ খন আসনৰ বাবে আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া । হিমাচল প্ৰদেশ বিধানসভাৰ ৬৮ খন আসনত মুঠ ৪১২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।
পাহাৰীয়া ৰাজ্যখনৰ ৫৫ লাখ ভোটাৰে আজি নিৰ্ণয় কৰিব ৪১২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য । এই নিৰ্বাচনত বিজেপি , কংগ্ৰেছ আৰু আম আদমি পাৰ্টীৰ মাজত তিনিকুণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে ।
মুঠ ৭,৮৮৪ টা কেন্দ্ৰত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । শনিবাৰে পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ হ’ব ভোটদান প্ৰক্ৰিয়া । নিৰ্বাচন আয়োগে ৭,৮৮৪ টা কেন্দ্ৰৰ ভিতৰত ৭৮৯ টা কেন্দ্ৰ সংবেদনশীল আৰু ৩৯৭ টা অতি-সংবেদনশীল ভোটকেন্দ্ৰ হিচাপে চিহ্নিত কৰিছে। ভোটাৰ সকলৰ সুৰক্ষাৰ বাবে ত্ৰিশ হাজাৰ সুৰক্ষাকৰ্মী নিয়োগ কৰা হৈছে ।