Friday, March 13, 2026
Homeৰাজনৈতিকবিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেটক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেটক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ডিজিটেল ডেস্ক, ২৩জুলাই: মঙলবাৰে সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কেন্দ্ৰীয় বাজেট-২০২৪ সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

‘এই বাজেটে সমাজৰ সকলো শ্ৰেণীকে শক্তিশালী কৰিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা কেন্দ্ৰীয় বাজেট সন্দৰ্ভত সংবাদ মাধ্যমত দিয়া মন্তব্যত মোদীয়ে কয়, এই দূৰদৰ্শী বাজেটে আমাৰ সমাজৰ প্ৰতিটো স্তৰ উন্নত আৰু শক্তিশালী কৰিব, যাৰ ফলত সকলোৰে বাবে এক উজ্জ্বল ভৱিষ্যতৰ পথ প্ৰশস্ত হ’ব’।

‘মোদীয়ে কয় যে বাজেটৰ উদ্দেশ্য আছিল মধ্যবিত্ত শ্ৰেণীক শক্তিশালী কৰাক লগতে শিক্ষা আৰু দক্ষতা বিকাশত এক নতুন মাত্ৰা প্ৰদান কৰা। জনজাতীয় সমাজ, দলিত আৰু পিছপৰা শ্ৰেণীক শক্তিশালী কৰাৰ বাবে বাজেটত শক্তিশালী পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। এই বাজেটে মহিলাসকলৰ অৰ্থনৈতিক অংশগ্ৰহণ নিশ্চিত কৰাত সহায় কৰিব’।

‘প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বাজেটে ক্ষুদ্ৰ ব্যৱসায়ী আৰু MSMEক প্ৰগতিৰ এক নতুন পথ প্ৰদৰ্শন কৰিব। বাজেটত উৎপাদন আৰু আন্তঃগাঁথনিৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে। আজিৰ বাজেটে অৰ্থনৈতিক বিকাশকো নতুন গতি প্ৰদান কৰিব। তেওঁ কয়, বিগত ১০ বছৰত দেশৰ প্ৰায় ২৫ কোটি নাগৰিক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে’।

এই বাজেটে নৱ-মধ্যবিত্ত শ্ৰেণীৰ আশা-আকাংক্ষাক অধিক শক্তি প্ৰদান কৰাৰ লগতে যুৱ প্ৰজন্মকো অভূতপূৰ্ব সুযোগ প্ৰদান কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। লগতে, এই বাজেটে মধ্যবিত্ত শ্ৰেণীক আগৰ দৰেই শক্তিশালী কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments