Friday, July 4, 2025
Homeঅসমজাতিটোৰ স্বাভিমানত আঘাত নাহানিবলৈ মন্ত্ৰী বিধায়কলৈ সকীয়ণি যুৱ পৰিষদৰ

জাতিটোৰ স্বাভিমানত আঘাত নাহানিবলৈ মন্ত্ৰী বিধায়কলৈ সকীয়ণি যুৱ পৰিষদৰ

২ জুলাই,২০২৫ :- অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ বংশৰ উহ বিচাৰি অপমানজনক মন্তব্য দিয়া,
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ই অসমীয়া প্ৰতিদিন কাকতৰ স্বত্বাধিকাৰ, বৈদ্যুতিন সংবাদ মাধ্যম প্ৰতিদিন টাইম ৰ মুখ্য সম্পাদক আৰু সাংবাদিক ক তুচ্ছ তাচ্ছিল্য কৰা গৰিহণা যোগ্য কাৰ্য, গণতান্ত্ৰিক ব্যবস্থাৰ পৰিপন্থী অতি ঘৃণনীয় কাৰ্য। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি অ-শ্ৰদ্ধাশীল চৰম দুৰ্নীতি পৰায়ণ তথাকথিত জনপ্ৰতিনিধি জনক মন্ত্ৰী সভাৰ পৰা বৰ্খাস্ত কৰিবলৈ অসম জাতীয়তাবাদী যুৱ পৰিষদে মুখ্যমন্ত্ৰী ক দাবী জনাইছে।

অন্যথা ফিৰিঙতি ৰ পৰা খাণ্ডৱ দাহ হ’বলৈ সৰহ পৰ নালাগিব বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগে যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈয়ে সঁকীয়াই দিছে। কম দিনৰ ভিতৰতে আয় বহিৰ্ভূত অগাধ ধন সম্পত্তিৰ অধিকাৰী হ’বলৈ সক্ষম হোৱা মন্ত্ৰী জনে পত্নীৰ মালিকানাধীন ৰঙিয়াৰ জে এম বি একুৱা নামৰ কৃষি ফাৰ্মখনৰ ১০০ বিঘা মাটিৰ উপৰিও তেজপুৰ বিশ্ববিদ্যালয়ৰ ওচৰত ২৯ বিঘা মাটি ক্ৰয় কৰিবলৈ সক্ষম হোৱা, মন্ত্ৰী জনক মুকলি প্ৰত্যাহ্বান জনাই কয় যে ভাৰতৰ ইতিহাস কলংকিত কৰা গৰু আৰু গো-খাদ্য সম্পৰ্কীয় কেলেংকাৰী সমূহৰ খলনায়ক সকলৰ পতন হোৱাৰ দৰেই গীৰগাই চুৰিৰ নিমিলা অংকৰ নায়ক জয়ন্ত মল্ল বৰুৱা ৰো পতন অচিৰেই হ’ব।

ইতিমধ্যে জন স্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ জল জীৱন মিছনৰ ঢকুৱাখনাৰ ঠিকাদাৰ সুনীল গগৈৰ গোচৰৰ জৰিয়তে বহু হাজাৰ টকাৰ কেলেংকাৰী সংঘটিত কৰা অভিযন্তা জয়ন্ত গোস্বামীক দুৰ্নীতি পৰায়ণ মন্ত্ৰী জনে ৰক্ষণাবেক্ষণ দিয়া জাতীয় অপকৰ্মৰ ফলস্বৰূপে অসমৰ গৰিষ্ঠসংখ্যক ৰাইজে বিশুদ্ধ খোৱা পানীৰ অভাৱত আজিও ভূগিবলগীয়া হৈছে। অসমীয়া জাতিৰ পৰম পূজ্য মনিষী সম্বন্ধে সম্যক ধাৰণা অৰ্জন কৰিহে সংযত হৈ মতামত প্ৰকাশ কৰিবলৈ পৰিষদৰ বিবৃতি টোৰ জৰিয়তে যুৱ নেতা গগৈয়ে মন্ত্ৰী বিধায়ক সকলোকে আহ্বান জনাইছে। উদয়ন কুমাৰ গগৈ, সাধাৰণ সম্পাদক। অসম জাতীয়তাবাদী যুৱ পৰিষদ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments