ডিজিটেল ডেস্ক ANEWS24X7: গুৱাহাটী মহানগৰীৰ পৰা উৎখাত জলসম্পদ বিভাগৰ এটা দালাল চক্ৰ ৷ জলসম্পদ বিভাগৰ চৰকাৰী চাকৰি দিয়াৰ নামত পোহাৰ মেলিছিল দালাল চক্ৰটোৱে ৷
জলসম্পদ বিভাগৰ চাকৰিৰ তালিকা প্ৰস্তুত কৰি থকাৰ সময়তে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৭ টা দালাক ।
এচিপি হিমাংশু দাসৰ নেতৃত্বত দিছপুৰ আৰক্ষীৰ এটা দলে অভিযান চলাই আটক কৰিছে এই দালাল চক্ৰটোক ৷ দালাল চক্ৰটোৱে বৰবাৰীৰ জিডি ল’জত বাহৰ পাতি আছিল ৷ দেওবাৰে নিশা দিছপুৰ আৰক্ষীয়ে গুৱাহাটীৰ হেঙেৰাবাৰীৰ পৰা দালালকেইটাক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দালালকেইটা ক্ৰমে কাহিলীপাৰাৰ নয়ন শইকীয়া, মঙলদৈৰ চিৰাজুল হক , নলবাৰীৰ গোবিন্দ চৌধুৰী , নুৰ ইছলাম আহমেদ , প্ৰাঞ্জল বৰ্মণ , বশিষ্ঠৰ জয়ন্ত ডেকা আৰু গোৱালপাৰাৰ জয়ন্ত দাস ।