Wednesday, March 11, 2026
Homeঅসমবিটিআৰৰ পৰা UPPL পৰিষদীয় চৰকাৰক উৎখাত কৰা হুংকাৰ আছাৰ 

বিটিআৰৰ পৰা UPPL পৰিষদীয় চৰকাৰক উৎখাত কৰা হুংকাৰ আছাৰ 

বি টি আৰ পৰিষদীয় নিৰ্বাচনৰ আগত কোকোৰাঝাৰ চিৰাংৰ শৰনাৰ্থীক সংস্থাপন দাবীঃআছাৰ

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰো নেতৃত্বত সজাতি দলৰ চিৰাং জিলাৰ ৰুণিখাতা আৰু দেওশ্ৰী শৰনাৰ্থী শিবিৰ ভ্ৰমণ কৰি আদিবাসী শৰনাৰ্থী সকলৰ দূদৰ্শাৰ বুজ লয় ৷ ১৯৯৬ চনত গোষ্ঠী সংঘৰ্ষত গৃহহীনা আদিবাসী লোক সকলক দেখি আছাৰ সজাতি দলটো আচয্য প্ৰকাশ কৰে ৷ আজিও আদিবাসী সকলক খাদ্য গৃহৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ৷

ৰুণিখাতা আৰু দেওশ্ৰী আশ্ৰয় শিবিৰ প্ৰায় পোন্ধৰ শ পৰিয়ালে ২৯ বছৰে আশ্ৰয় শিবিৰত জীৱন নিৰ্বাহ কৰি থকাটো দূৰ্ভাগ্যজনক আখ্যা দিয়ে দলটো ৷ প্ৰতিটো নিৰ্বাচনত আশ্ৰয় শিবিৰত থকা প্ৰায় দুই হাজাৰ ভোটাৰে প্ৰতিটো নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে যদিও বিজেপি চৰকাৰ বা বি টি আৰৰ UPPL পৰিষদ চৰকাৰৰ পৰা কোনো ধৰণৰ আচনি বা অনুদান নোপোৱাটো দূৰ্ভাগ্যজনক ৷

অসমৰ মূখ্যমন্ত্ৰী হিমন্ত শৰ্মা বা বি টি আৰ ৰ মূখ্য কায্যবাহী সদস্য প্ৰমোদ বড়োৱে উন্নয়নৰ ফটাঢ়োল নবজাক কিয় সেইয়া যে ফুটুকাৰ ফেনত পৰিণত হৈছে সেইয়া প্ৰমাণিত হৈছে ৷ প্ৰমোদ বড়োয়ে বুকু ফিন্দাই সম উন্নয়ন আৰু সম অধিকাৰৰ কথা কৈছে কিন্তু আশ্ৰয় শিবিৰত থকা আদিবাসী সকলক ঢোকি পোৱা নাই ৷ দিছপুৰত থকা বিজেপি চৰকাৰে আৰু বি টি আৰ ৰ UPPL পৰিষদ চৰকাৰে কোনোদিনে কোকোৰাঝাৰ আৰু চিৰাংত জিলাত থকা আদিবাসী শৰণাৰ্থী শিবিৰত থকা আদিবাসী সকলক পুণৰ সংস্থাপন বা সমস্যাটো স্থায়ী সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ আদিবাসী জনগোষ্ঠীৰ প্ৰতি যে বি জে পি আৰু UPPL ৰ দলৰ অকণমান আন্তৰিকতা নাই সেইয়া পুণৰ বাৰ প্ৰমাণিত হৈছে ৷

বি টি আৰ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে চিৰাং আৰু কোকোৰাঝাৰ জিলাৰ শৰণাৰ্থী সকলক পুণৰ সংস্থাপন মাটি সম্পত্তি সমূহ ঘূৰাই দি সমস্যাটো স্থায়ী সামাধান নকৰিলে বি জে পি আৰু UPPL দলক আদিবাসী অধ্যষিত গাওঁত প্ৰবেশ কৰাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই বাধা প্ৰদান কৰাৰ লগতে খেদি পঠোৱাৰ হুংকাৰ প্ৰদান কৰিছে ৷ সজাতি দলটোত মূখ্য উপদেষ্টা অনিল টপ্প উপ সভাপতিদ্বয় চাক্ৰিয়াচ চৰেণ ডেভিদ তিৰ্কী আৰু অমৰজীত কেৰ্টেকটা আছা চিৰাং জিলাৰ সভাপতি দিলীপ তিৰ্কী আৰু সম্পাদক চুফন মূৰ্ম সংগ প্ৰদান কৰে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments