ডিজিটেল ডেস্ক, ১০আগষ্ট:ৰাজ্যত পুনৰ ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা । সোমবাৰৰ দৰে পৰিস্থিতি হ’ব পাৰে গুৱাহাটী মহানগৰীত ।
আজিও যদি নেৰা নেপেৰা বৰষুন হয় তেনেহলে সোমবাৰৰ দৰে ৰাজ পথতেই আৱদ্ধ হব লগীয়া হব পাৰে । এজাক বৰষুণতে বান পানীৰ সৃষ্টি হৈছিল মহানগৰীত পুনৰ ভয়াবহ হব পাৰে মহানগৰীকে ধৰি বিভিন্ন অঞ্চল
ৰাজ্যত বতৰে ল’ব ভয়াৱহ ৰূপ! বতৰ বিজ্ঞান বিভাগে জাৰি কৰিলে সতৰ্কবাণী! ৰাজ্যৰ কোন-কোন অঞ্চলত হ’ব ধাৰাসাৰ বৰষুণ?
অসমৰ প্ৰায়বোৰ স্থানতে বিজুলী ঢেৰেকণিসহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।যোৰহাট আৰু শিৱসাগৰ জিলাত দেওবাৰে অতি প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, নলবাৰী, কামৰূপ, কামৰূপ(মহানগৰ) জিলাৰ দুই-এঠাইত দেওবাৰে বজ্ৰপাতসহ বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে।
দৰং, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কৰিমগঞ্জ জিলাৰ দুই-এঠাইত দেওবাৰে বজ্ৰপাতসহ বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে।সোমবাৰে কামৰূপ(মহানগৰ), দৰং, যোৰহাট জিলাৰ দুই-এঠাইত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে।