Saturday, March 14, 2026
Homeঅসমপূজাত বতৰে দিব পাৰে বিধি-পথালি!৷

পূজাত বতৰে দিব পাৰে বিধি-পথালি!৷

ডিজিটেল ডেস্ক, ৫অক্টোবৰ:পূজাত বতৰে দিব পাৰে বিধি-পথালি!৷ সাগৰীয় ঘূৰ্ণিৰ বাবে উত্তৰ-পূবত বৰষুণৰ সম্ভাৱনা৷ ৰাজ্যৰ কিছু কিছু ঠাইত মজলীয়া বৰষুণৰ সম্ভাৱনা৷ ৰাজ্যত আগন্তুক ২৪ ঘণ্টা বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা, ম্লান পৰিব নেকি পূজাৰ আনন্দ?

ৰাজ্যৰ আটাইকেইখন জিলাতে মজলীয়া বৰষুণ অব্যাহত থকাৰ জাননী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ। বৰষুণৰ লগতে ৰাজ্যত বিজুলী-ঢেৰেকনিৰো সম্ভাৱনা।

দক্ষিণ শালমৰা, ধুবুৰী, গোৱালপাৰা, বৰপেটা জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। উল্লেখ্য যে প্ৰায় ৪ দিন ধৰি ৰাজ্যত অব্যাহত আছে নেৰানেপেৰা বৰষুণ।

ৰাজ্যৰ ভিন্ন প্ৰান্তত পৰহিৰে পৰা নেৰানেপেৰা বৰষুণে ম্লান কৰিছে পূজাৰ উছাহ। দুৰ্গা পূজাৰ নৱমী-দশমীতো ৰাজ্যত বৰষুণৰ আগজাননী। তথাপি, প্ৰতিকূল বতৰৰ মাজতো চলিছে পূজাৰ প্ৰস্তুতি।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments