ডিজিটেল ডেস্ক, ANEWS24X7: আজি গুৱাহাটী উলুবাৰীৰ পুলিচ অফিচাৰ্ছ মেছত অসম কন্যা স্বৰ্ণপদক জয়ী লাভলীনা বৰগোহাঁইক এক বিশেষ সম্বৰ্ধনা জনোৱা হ’য় । এই সম্বৰ্ধনা জ্ঞাপন কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ।
এই অনুষ্ঠানত লাভলীনাৰ পিতৃ- মাতৃ টিকেন আৰু মামনি বৰগোহাঁই উপস্থিত থাকে । আনহাতে সন্তানৰ এই সফলতাত পিতৃ মাতৃ দুয়ো গৌৰাম্বিত হৈ পৰে । বিশ্ব বক্সিং চেম্পিয়নশ্লীপত স্বৰ্ণপদক লাভ কৰাৰ পিছত অসম আৰক্ষীৰ ফালৰ পৰা লাভলীনালৈ এই সম্বৰ্ধনা জনোৱা হয়।
অলিম্পিকত পদক লাভৰ পিছতে লাভলীনাক প্ৰদান কৰা হৈছিল অসম আৰক্ষীৰ উপ–আৰক্ষীকৰ পদ। ইপিনে লাভলীনালৈ অসম আৰক্ষীৰ ফালৰ পৰা এটা ফ্লেট প্ৰদান কৰিব বুলিও ঘোষণা কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। ইয়াৰোপৰি লাভলীনাই কয় যে কমনৱেলথত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলোঁ, আগৰ খেলকেইখনত আপছ-ডাউন হৈ আছিল।
অসম আৰক্ষীয়ে প্ৰতিটো মুহূৰ্ততে মোৰ সৈতে আছিল আৰু সকলোৰে সহযোগত বিশ্ব চেম্পিয়ন হ’ব পাৰিলোঁ আৰু মোৰ খেলৰ পূৰ্বে ডি জি পি ছাৰে প্ৰতিদিনে খবৰ লৈছে লগতে অসম আৰক্ষীৰ পোছাকত গৌৰৱেৰে নিজৰ জীৱনৰ কথা সুন্দৰ ভাৱে কয় লাভলীনাই।