Friday, November 8, 2024
Homeৰাশিফলমকৰ সংক্ৰান্তিত কি কি কৰিলে সুফল লাভ কৰিব পৰা যায় ?

মকৰ সংক্ৰান্তিত কি কি কৰিলে সুফল লাভ কৰিব পৰা যায় ?

ডিজিটেল ডেস্ক, ANEWS24X7: মকৰ সক্ৰান্তি, যেতিয়া সূৰ্য মকৰ ৰাশিত প্ৰৱেশ কৰে ইয়াক মকৰ সংক্ৰান্তি বুলি কোৱা হয় ৷ এই বছৰ মকৰ সংক্ৰান্তি ১৫ জানুৱাৰীত উদযাপন কৰা হ’ব ৷ মকৰ সংক্ৰান্তি হিন্দুসকলৰ এক প্ৰধান উৎসৱ ৷ জ্যোতিষশাস্ত্ৰ অনুসৰি মকৰ সংক্ৰান্তিত , সূৰ্য মকৰ ৰাশিত প্ৰৱেশ কৰে আৰু এই তাৰিখৰ পৰা সূৰ্যৰ উত্তৰায়ন আৰম্ভ হয় ৷

হিন্দু শাস্ত্ৰত সূৰ্য দেৱতাৰ উপাসনা বিশেষ গুৰুত্ব আছে । মকৰ সংক্ৰান্তিক লৈ বিশ্বাস কৰা হয় যে , মকৰ সংক্ৰান্তিত সূৰ্যই দক্ষিণায়নৰ পৰা উত্তৰায়ণলৈ যাত্ৰা আৰম্ভ কৰে ৷মকৰ সংক্ৰান্তিত সূৰ্য দেৱতাই তেওঁৰ পুত্ৰ শনিক লগ কৰিবলৈ যায় ৷ পিতা পুত্ৰৰ মিলনৰ ফলত বহু সুফল পোৱা যায় ৷ মকৰ সংক্ৰান্তিত সূৰ্য দেৱতাক উপাসনা কৰি , শনি দেৱতাৰ সৈতে সম্পৰ্কিত বস্তু দান কৰিলে সুফল লাভ কৰিব পৰা যায় ৷ ৰাশিফলত সূৰ্য আৰু শনি গ্ৰহৰ দ্বাৰা হোৱা ক্ৰুটিসমূহ আঁতৰাব পৰা যায় ৷

মকৰ সংক্ৰান্তিৰ দিনাই দেৱতাসকলৰ নিশা শেষ হয় আৰু দিন আৰম্ভ হয় ৷ এই তাৰিখৰ পৰা সূৰ্য দক্ষিণয়ানৰ পৰা উত্তৰায়ানলৈ গতি কৰে ৷ বিশ্বাস কৰা হয় যে মকৰ সংক্ৰান্তিৰ দিনা ভীষ্ম পিতামহ নিজৰ জীৱন ত্যাগ কৰিছিল ৷ আন এক বিশ্বাস অনুসৰি মকৰ সংক্ৰান্তিৰ দিনা ভাগীৰথৰ তপস্যাত সন্তুষ্ট হৈ মা গংগাই তেওঁক অনুসৰণ কৰি কপিল মুনিৰ আশ্ৰমলৈ গৈছিল ৷ এই তিথিত ভগীৰথে তেওঁৰ পূৰ্বপুৰুষসকলক গংগাত তৰ্পন কৰিছিল ৷বিশ্বাস কৰা হয় যে মকৰ সংক্ৰান্তিৰ দিনটোত গংগাত স্নান কৰিলে সুফল পোৱা যায় ৷

মকৰ সংক্ৰান্তিৰ দিনা গুৰ দান কৰিলে বৃহস্পতিগ্ৰহৰ আশীৰ্বাদ লাভ কৰিব পৰা যায় ৷ মকৰ সংক্ৰান্তিত ঘিউ আৰু নিমখ দান কৰাৰো পৰম্পৰা আছে ৷ ঘিউ আৰু নিমখ দান কৰিলে ভৌতিক জীৱনত সুফল লাভ কৰিব পৰা যায় আৰু বেয়া সময় পৰিহাৰ কৰিব পাৰি ৷ মকৰ সংক্ৰান্তিক তিল সংক্ৰান্তি বুলিও কোৱা হয় ৷ এই দিনটোত তিল দান কৰিলে মঙ্গল হয় বুলি মান্যতা আছে ৷ তিল দান কৰিলে কুণ্ডলীৰ শনিৰ দোষ আঁতৰ হয় ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments