Wednesday, March 11, 2026
Homeস্বাস্থ্যকি কি ৰোগ দূৰ কৰে কঠালে ?

কি কি ৰোগ দূৰ কৰে কঠালে ?

ডিজিটেল ডেস্ক, anews24x7: সকলোৰে চিনাকি কঠাল এবিধ ডাঙৰ আকৃতিৰ ফল। ইংৰাজীত ইয়াক Jack fruit নামেৰে জনা যায়। ইয়াৰ বৈজ্ঞানিক নাম হৈছে হেটাৰোফাইলাচ আৰু ই মোৰেচি গোত্ৰৰ অন্তৰ্গত। কঠাল বাংলাদেশ আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় ফল । আমাৰ দেশ ভাৰতবৰ্ষৰ কেৰেলা আৰু তামিলনাডু ৰাজ্যৰ ই ৰাজ্যিক ফল। ভাৰতৰ কেৰেলা ৰাজ্যতে সৰ্বাধিক কঠাল উৎপন্ন হয়। আমাৰ অসমৰো ই ঘৰুৱা ফল স্বৰূপ। প্ৰতি ঘৰ মানুহৰে বাৰী-বস্তিত এজোপা হ’লেও কঠালৰ গছ পোৱা যায়। ইপিনে বহুতো ৰোগ কঠালে দূৰ কৰে ।

১. কঠালে দেহত উৎপন্ন হোৱা ক্ষতিকাৰক ফ্ৰী-ৰেডিকেল(মুক্তমূলক) বোৰ নিষ্ক্ৰীয় কৰি শৰীৰক ক’লন কেঞ্চাৰ, হাওঁফাওঁৰ কেঞ্চাৰ, মুখ গহ্বৰৰ কেঞ্চাৰ আদি প্ৰতিৰোধ কৰাত সহায় কৰে।

২.. কঠালত থকা পটাচিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদৰোগত বাধা দিয়ে।

৩. কঠালে দৃষ্টি শক্তিৰ উন্নতি সাধন কৰে আৰু কুকুৰিকণা ৰোগ প্ৰতিৰোধ কৰে।

৪. কঠালে হাড়ৰ ঘনত্ব বঢ়াই হাড় শক্তিশালী কৰি তোলে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments