ডিজিটেল ডেস্ক, ANEWS24X7: গ্ৰীষ্মকালীন ঋতু আৰম্ভ হোৱাৰ লগে লগে তাপমাত্রা অধিক হৈ পৰে। প্ৰখৰ ৰ’দৰ লগতে অসহ্যকৰ গৰম বতাহ বলা আৰম্ভ হয়। ইয়াৰ ফলত গৰমত ষ্ট্ৰোক হৈ মৃত্যু হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি হয়। বৰ্ধিত গৰমত এনেধৰণৰ ঘটনা বৃদ্ধি হোৱা দেখা যায়।
ইপিনে তাপমাত্ৰা কম হ’লেও, জলবায়ুত যথেষ্ট পৰিমাণে আৰ্দ্ৰতা থাকি যায়। যাৰ ফলত গৰম উঠি ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰে আৰু শৰীৰত যথেষ্ট পৰিমাণে পানীৰ অভাৱে দেখা দিয়াৰ লগতে মূৰ্চ্ছা যোৱাও দেখা যায়। এনে ধৰণৰ পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ গ্ৰহণ কৰক এইসমূহ ব্যৱস্থা। আনহাতে গৰমত ষ্ট্ৰোক হোৱাৰ লক্ষণ সমূহ হ’ল
১.সঘনাই মুখ শুকাই যোৱা
২. উশাহ চুটি হোৱা
৩. বমি বমি ভাৱ হোৱা
৪. মূৰ ঘুৰণি
৫. পেট চলা হোৱা
৬. মুৰৰ বিষ
৭. তীব্ৰ জ্বৰ
৮. হাত-ভৰি নিৰস হৈ পৰা
৯. মূৰ্চ্ছা যোৱাৰ দ্বৰে ভাৱ হোৱা
১০. ভাগৰুৱা অনুভৱ কৰা