ডিজিটেল ডেস্ক, ANEWS24X7: প্ৰতি বছৰে সমগ্ৰ বিশ্বতে বৃদ্ধি পাই আহিছে কৰ্কট ৰোগীৰ সংখ্যা । মাৰাত্মক ৰোগ এই অগ্নাশয়ৰ কৰ্কট ৰোগ কিন্তু সোনকালে দেখা নাযায় এই ৰোগৰ লক্ষণবোৰ । ইয়াৰ বাবেই এই ৰোগৰ অধিকাংশ ৰোগীৰ প্ৰায় শেষ পৰ্যায়তহে এই ৰোগ ধৰা পৰে। ইপিনে গুৰুগ্ৰামৰ চি কে বিৰলা হাস্পতালৰ অংক’লজী চেণ্টাৰৰ সঞ্চালক ডাঃ বিনয় গাইকৱাড়ে কয় অগ্নাশয়ত সংঘটিত হোৱা ৰোগৰ বাবেই কৰ্কট ৰোগৰ কবলত বহুলোক পৰে ।
পেটৰ বিষৰ পৰা আৰম্ভ হোৱা এই ৰোগৰ জণ্ডিচো এটা প্ৰধান লক্ষণ। আনহাতে অগ্নাশয়ৰ চাৰিওফালে থকা কোষবোৰ হঠাত দ্ৰুতগতিত বৃদ্ধি হ’বলৈ আৰম্ভ কৰাৰ ফলত এই ৰোগত বহু ৰোগী আক্ৰান্ত হয়। অস্ত্ৰোপচাৰৰ দ্বাৰা অগ্নাশয়ৰ কৰ্কট ৰোগৰ চিকিৎসা কৰা হয় লগতে কেমোথেৰাপি আৰু ৰেডিঅ’থেৰাপিও এই ৰোগত আক্ৰান্ত ৰোগীসকলক কৰা হয় ।
ইফালে অগ্নাশয় কেন্সাৰৰ লক্ষণ সমূহ হ’ল ভোক কমি যোৱা, ছালৰ খজুৱতি,পাতল পায়খানা,প্ৰস্ৰাৱৰ ৰং সলনি হৈ যোৱা,অনিয়ন্ত্ৰিত ডায়েবেটিছ,শৰীৰৰ দুৰ্বলতা,ভৰিৰ ৰঙা পৰা বা ভৰি গৰম হৈ থকা আদি ৷