ডিজিটেল ডেস্ক, ANEWS24X7:নৱৰাত্ৰী,নৱৰাত্ৰীত ৰঙৰ তাৎপৰ্য অপৰিসীম ৷ সুখ সমৃদ্ধি বৃদ্ধিত ৰঙে বিশেষ ভূমিকা পালন কৰে ৷ দেৱী মাৰ পচন্দৰ ৰঙৰ কাপোৰ পিন্ধিলে দেৱী মা প্ৰসন্ন হয় ৷ আজি নৱৰাত্ৰীৰ অষ্টমটো দিন ৷
আজি মহাগৌৰী পূজা ৷ মহাগৌৰী হৈছে দেৱী দুৰ্গাৰ কৰুণাময়ী ৰূপ ৷ মহাগৌৰী দেৱীৰ উপাসনা কৰিলে ভাল বিবাহ হয়। মহাগৌৰী হৈছে দেৱী দূৰ্গাৰ কিশোৰী ৰূপ ৷ এই ৰূপৰ উপসনা কৰিলে সাতপ্ৰীতি , শান্তি , বিশুদ্ধতা , আনন্দ , জ্ঞান সহানুভূতি আৰু নিৰ্ভীকতা প্ৰদান কৰাৰ লগতে পাপৰ পৰা মুক্ত হয়৷
অষ্টমীৰ দিনটোত মহিলা সকলে কি ৰঙৰ সাজ পৰিধান কৰিব ? কি ৰঙৰ সাজ পৰিধান কৰিলে দেৱী মা সন্তুষ্ট হৈ কৃপা দৃষ্টি লাভ কৰিবলৈ সক্ষম হ’ব ৷ ইয়াকলৈ বিধান দিছে জ্যোতিষী সকলে ।
অষ্টমীৰ দিনটো শাৰদীয় নৱৰাত্ৰীৰ ৰং ময়ূৰ সেউজীয়া ৷ মহিলা সকলে আজিৰ দিনটোত সেউজীয়া সাজ পৰিধান কৰিলে দেৱী মাৰ কৃপাদৃষ্টি লাভ কৰিবলৈ সক্ষম হ’ব পাৰিব ৷ ইয়াৰ ওপৰিও নৱৰাত্ৰিৰ মহাষ্টমীত মা মহাগৌৰীৰ উপাসনাৰ বগা বা বেঙুনীয়া ৰং অতি শুভ বুলি গণ্য কৰা হয়।