Saturday, July 5, 2025
Homeঅসমৰাজ্যিক কেবিনেটে আজি কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে ?

ৰাজ্যিক কেবিনেটে আজি কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে ?

ডিজিটেল ডেস্ক, ANEW24X7: বুধবাৰে ৰাজ্যিক কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । ৰাজ্যিক কেবিনেটে বুধবাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এই বৰ্ষত ছাত্ৰী সকলৰ সমান্তৰালকৈ ছাত্ৰ সকলকো প্ৰদান কৰা হ’ব স্কুটি ।

উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত ৬০ শতাংশ নম্বৰ লাভকৰা ছাত্ৰী আৰু ৭৫ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ সকলক প্ৰদান কৰা হ’ব স্কুটি । এই বৰ্ষত মুঠ ৩৫৮০০ গৰাকী ছাত্ৰ-ছাত্ৰীক স্কুটি প্ৰদান কৰা হ’ব । ইয়াৰে ২৯৭৪৮ গৰাকী ছাত্ৰী আৰু ৬০৫২ গৰাকী ছাত্ৰ । অহা ৩০ নৱেম্বৰত ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰা হ’ব স্কুটি ।

কেবিনেটে মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক সকলৰ ক্ষেত্ৰটো এক সিদ্ধান্ত গ্ৰহণ কৰিছে । ‘ফিক্স পে’ লাভ কৰা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক সকলৰ দৰমহা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ৰাজ্যৰ ১৩৫ গৰাকী অধ্যাপকৰ দৰমহা ৫৫০০০ টকালৈ বৃদ্ধি কৰা হ’ব ।

মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলা সকলক সকাহ দিবলৈ দ্বিতীয় পৰ্যায়ত ৰাজ্য চৰকাৰে প্ৰদান কৰিব চেক । অহা ২৮ ,২৯ আৰু ৩০ অক্টোবৰত এনপিএ হৈ থকা মহিলা সকলক প্ৰদান কৰা হ’ব চেক । এটা অংশ এনপিএ মুকলি কৰিবৰ বাবে বেংকক প্ৰদান কৰা হ’ব আৰু এটা অংশ অৰ্থিক সকাহ দিবলৈ ঋণী মহিলাক প্ৰদান কৰা হ’ব । ইয়াৰ ওপৰিও ১১ নৱেম্বৰত শিলচৰত অনুষ্ঠিত কৰা হ’ব পৰৱৰ্তী কেবিনেট ।

পৰ্যটন ক্ষেত্ৰ উন্নয়ণৰ বাবে ৰাজ্যৰ পৰ্যটন বিভাগে কাজিৰঙাত নিৰ্মাণ কৰিব পঞ্চ তাৰকাযুক্ত হোটেল । হায়াত গ্ৰুপ আৰু পৰ্যটন বিভাগে যৌথ ভাবে নিৰ্মাণ কৰিব এইখন পঞ্চ তাৰকাযুক্ত হোটেল । হোটেল খন নিৰ্মাণৰ বাবে পৰ্যটন বিভাগে কাজিৰঙাত প্ৰদান কৰিব ভূমি । পঞ্চ তাৰকাযুক্ত হোটেলখন নিৰ্মাণৰ বাবে ব্যয় কৰা হ’ব ১০০ কোটিৰো অধিক টকা ।

আনহাতে ভৈয়ামত থকা পাহাৰীয়া জনজাতি আৰু পাহাৰত থকা ভৈয়াম জনজাতিৰ প্ৰমাণপত্ৰ জাৰিকৰণৰ ক্ষেত্ৰত উচ্চমানৰ প্ৰক্ৰিয়াৰ নিৰ্দেশ দিয়া হৈছে ৷ এতিয়াৰে পৰা অনলাইযোগে লাভ কৰিব পৰা যাব জাতিৰ প্ৰমাণপত্ৰ । অনুসূচীত জাতি , অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ লোক সকলে অনলাইন যোগে জাতিৰ প্ৰমাণপত্ৰ লাভ কৰিব পাৰিব । মিচন ভূমিপুত্ৰৰ আঁচনিৰ অধীনত লাভ কৰিব পাৰিব প্ৰমাণপত্ৰ ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments