Monday, July 7, 2025
Homeঅসমভোগালী বিহুৰ পূৰ্বে ৰাজ্যিক কেবিনেটে কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে ?

ভোগালী বিহুৰ পূৰ্বে ৰাজ্যিক কেবিনেটে কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে ?

ডিজিটেল ডেস্ক, ANEWS24X7:  বৃহস্পতিবাৰে জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এই বৈঠকত ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ৰাজ্যিক কেবিনেটত আজি পৰ্যটন ক্ষেত্ৰ আৰু কাৰিকৰী শিক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷

পৰ্যটন ক্ষেত্ৰ উন্নিতকৰণ কৰিবৰ বাবে কেবিনেটে সাগৰ মালাৰ আঁচনিৰ জৰিয়তে গুৱাহাটীত পৰ্যটন বিভাগে আৰম্ভ কৰিব ৰিভাৰ লাইন ক্ৰোচ চিষ্টেম ৷ এই আঁচনিৰ জৰিয়তে কামাখ্যা , অশ্বক্লান্ত , উমানন্দ , দৌল গোবিন্দ আৰু পাণ্ডুনাথলৈ চলোৱা হ’ব জাহাজ ৷ প্ৰতি ৩০ মিনিটৰ মূৰে মূৰে ব্ৰহ্মপুত্ৰত চলোৱা হ’ব জাহাজ ৷ ইয়াৰ জৰিয়তে অসমৰ পৰ্যটনক্ষেত্ৰত ব্যাপক প্ৰভাৱ পৰিব ৷

কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰতো ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ পূৰ্বে কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত আইটিআই প্ৰতিষ্ঠানত থকা পাঠ্যক্ৰম সমূহক উন্নীত কৰাৰ বাবে গ্ৰহণ কৰিছে পদক্ষেপ ৷ এই পাঠ্যক্ৰম সমূহক মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ সম পৰ্যায়ৰ মৰ্যদা প্ৰদান কৰা হ’ব ৷ এই ব্যৱস্থা অহা দুমাহৰ ভিতৰত কৰা হ’ব কাৰ্যকৰী ৷

বৰচলাৰ উচ্ছেদিত স্থানত স্থাপন কৰা হ’ব চলাৰ পাৰ্ক ৷ বৰচলাত স্থাপন কৰা হ’ব ৫০ মেগাৱাৰ্টৰ চলাৰ পাৰ্ক ৷ ইয়াৰ ওপৰিও ৰাজ্য স্থাপন কৰা হ’ব ৪৪ লাখ স্মাৰ্ট মিটাৰ ৷ ইয়াৰ বাবে ব্যয় কৰা হ’ব ৪৩৬২ কোটি টকা ৷ ইয়াৰ ফলত সংস্থাপন লাভ কৰিব ৫০০০ টেকনেচিয়ান আৰু ২০০০ ৰিচাৰ্জ এজেন্টে ৷

আনহাতে একত্ৰিত কৰা হ’ব ৰাজ্যৰ দুটা বিভাগ ৷ একত্ৰিত কৰা হৈছে কন্ট্ৰলাৰ অৱ লিগেল মেট্ৰলজি আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগ ৷ এতিয়াৰে পৰা দুয়োটা বিভাগে একেলগে কাম কৰিব ৷ ইয়াৰ ওপৰিও এনডিআৰএফৰ কেম্পাচৰ বাবে ভূমি আবন্টনৰ সিদ্ধান্ত কৰিছে ৰাজ্য চৰকাৰে ৷ এনডিআৰএফৰ কেম্পাচৰ বাবে হাজোত অবন্টন দিয়া হ’ব ২২৭ বিঘা ভূমি ৷

ইয়াৰ ওপৰিও বৃদ্ধি কৰা হৈছে মিচন বসুন্ধৰা-২ ৰ সময়সীমা ৷ মিচন বসুন্ধৰা-২ৰ আবেদনৰ সময়সীমা ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে ৷ আনহাতে আইচি পৰ্যায়ত থকা থানা সমূহৰ অচি সমূহৰ বদলিকৰণ এতিয়াৰে পৰা জিলা আৰক্ষী অধিক্ষকে কৰিব পাৰিব ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments