বৃহস্পতিবাৰে ‘ৰাইজৰ দল’ত আনুষ্ঠানিকভাৱে যোগদান কৰিলে গোৱালপাৰা কলেজৰ ৰসায়ন বিভাগৰ সদ্যপ্ৰাক্তন অধ্যাপক ড° জ্ঞানশ্ৰী বৰাই। মঙলবাৰে কলেজখনৰ অধ্যাপক পদ ত্যাগ কৰিছিল জ্ঞানশ্ৰীয়ে। অধ্যাপক হিচাপে নিযুক্ত হোৱাৰ পূৰ্বেও ‘ৰাইজৰ দল’ৰ সক্ৰিয় কৰ্মী হিচাপে দেখা গৈছিল জ্ঞানশ্ৰী বৰাক।
পুনৰ সক্ৰিয় ৰাজনীতিত জড়িত হ’বলৈ অধ্যাপকৰ চাকৰি ত্যাগ কৰে জ্ঞানশ্ৰী বৰাই। আজি দলটোৰ সভাপতি অখিল গগৈৰ উপস্থিতিত ‘ৰাইজৰ দল’ৰ সদস্যপদ গ্ৰহণ কৰে জ্ঞানশ্ৰীয়ে। ছয়মাইল লিলি হোটেলত অনুষ্ঠিত যোগদান কাৰ্যসূচীত পুনৰ ‘ঘৰৰ ছোৱালী ঘৰলৈ’ উভতিল। ‘ৰাইজৰ দল’ত যোগদান কৰি নিজৰ ভৱিষ্যদৰ্শন আৰু পৰিকল্পনাৰ বিষয়ে সদৰী কৰে জ্ঞানশ্ৰীয়ে।
জ্ঞানশ্ৰী বৰাই কয়, ‘‘ঘৰৰ ছোৱালী পুনৰ ঘৰলৈ উভতিছোঁ। ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ দেখি ভয় লাগিছে। এনে পৰিৱেশ উত্তৰ প্ৰজন্মৰ বাবে ভয়ংকৰ। এই পৰিৱেশ সলনি কৰিব লাগিব। মই জানো, মোৰ যাত্ৰা কঠিন সহজ নহয়। সকলোৱে সহজ পথ গ্ৰহণ কৰে। মই সন্মুখত কণ্টকময় যাত্ৰালৈ আগবাঢ়িব বিচাৰিছোঁ।’’
‘‘মই আস্থা-বিশ্বাসৰ ৰাজনীতি কৰিব বিচাৰিছোঁ। মই সকলো জাতি-ধৰ্ম-বৰ্ণ-ভাষাক লগত লৈ আগবাঢ়িব বিচাৰিছোঁ। জাতি-ধৰ্মৰ বিভাজনৰ বিপৰীতে একতাৰ ৰাজনীতি কৰিব বিচাৰোঁ। GenZএ কি বিচাৰে সেয়া মই বুজি পাওঁ। মই যি বাটেৰে আগবাঢ়িছোঁ, তাত যদি এক শতাংশও সফল হওঁ, তেন্তে মই সফল বুলি ধৰি ল’ব। মোৰ হাতত টকা-পইচা নাই। হাতে-হাতে পইচা বিলোৱা ৰাজনীতিৰ বিপৰীতে মই ৰাইজৰ সমস্যাৰ কথা ক’ম।’’
‘‘ঘৃণা, বিদ্বেষৰ বিপৰীতে একতাৰ ৰাজনীতি কৰিম। মই অসমৰ ‘অগ্নিকন্যা’ হৈ হাতে-হাত ধৰি আগবাঢ়িবলৈ বিচাৰিছোঁ। আজিৰেপৰা মই সঁচা অৰ্থত যাত্ৰা আৰম্ভ কৰিম। মই এক মুহূৰ্তৰ বাবেও স্থবিৰ হ’ব নিবিচাৰোঁ। মোক কোনোদিনে টকাৰে কিনিব নোৱাৰে। শোষিত, বঞ্চিতজনৰ মাজত মই ‘অগ্নিকন্যা’ হৈ থাকিব বিচাৰোঁ। সকলো প্ৰত্যাহ্বানৰ বাবেই মই মূল প্ৰত্যাহ্বান হৈ থিয় হ’ম। ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে নতুন প্ৰজন্ম ৰাজনীতিলৈ আহিব লাগিব। আৰু তাৰ বাবে মই কাম কৰি যোৱাৰ অংগীকাৰ লৈছোঁ।’’
