ডিজিটেল ডেস্ক, A NEWS 24×7 : অসমৰ লেখাপানীত অৱস্থিত এখন স্কুলত থাকি শিক্ষা গ্ৰহণ কৰিছিল বলীউদৰ অভিনেত্ৰী অনুষ্কা শৰ্মাই। ইয়াতেই থাকি পঢ়া–শুনা কৰিছিল ভাৰতৰ আন এগৰাকী ক্ৰিকেট তাৰকা মহেন্দ্ৰ সিং ধোনীৰ পত্নী সাক্ষী ধোনীয়ে। অনুষ্কা আৰু সাক্ষী দুয়ো সহপাঠী আছিল আৰু দুয়ো ভাল বন্ধু আছিল।
অনুষ্কাৰ দেউতাক অসমলৈ পোষ্টিং কৰা হৈছিল তেতিয়া অসমৰ ছেইণ্ট মেৰী স্কুলত শিক্ষা লাভ কৰিছিল। আনহাতে সাক্ষীৰ পৰিয়ালটোও তেতিয়া অসমত বাস কৰিছিল।
এটা পুৰণি সাক্ষাৎকাৰত অনুষ্কাই কৈছি যে তেওঁ আৰু সাক্ষীয়ে অসমৰ এখন অতি সৰু চহৰত একেলগে বাস কৰিছিল। আনকি স্কুলত একেলগে ফটো এখনতো দেখা পোৱা গৈছিল অনুষ্কা আৰু সাক্ষীক। পৰী সাজ-পোছাক পিন্ধাগৰাকী সাক্ষী, আনহাতে মাধুৰী দীক্ষিত সাজ-পোছাক পিন্ধাগৰাকী অনুষ্কা।