ডিজিটেল ডেস্ক,১১অক্টোবৰ: বিশ্বকাপৰ দ্বিতীয় খন খেলৰ পৰাও বাদ পৰিল অপেনাৰ বেটচমেন শুবমান গিল ।ইতিপূৰ্বে খেলুৱৈ গৰাকী চিকিতসালয়ৰ পৰা হোটেললৈ ঘূৰাই অনা খবৰেও বহু ক্ৰিকেট প্ৰেমিক সন্তুষ্টি দিছিল ।কিন্তু তাৰ পিছতো দ্বিতীয় খন খেলতো অৱতীৰ্ণ হব নোৱাৰিলে অপেনাৰ বেটচমেন জনে ।
শুবমান গিলৰ অনুপস্থিতি সন্দৰ্ভত ভাৰতীয় ক্ৰীকেট দলৰ বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোৰে এক সংবাদমেল য়োগে কয় “তেওঁ ভালকৈ সুস্থ হৈ উঠিছে । তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও সেয়া সতৰ্কতা অবলম্বনৰ বাবে আছিল ।কিন্তু তেওঁ ভালকৈ সুস্থ হৈ উঠিছে আৰু পুনৰ হোটেললৈ ঘূৰি আহিছে ।
গিলৰ ওপৰত চিকিৎসকৰ দলৰ দ্বাৰা নিৰীক্ষণ কৰা হৈ আছে ।বৰ্মানৰ স্থিতি অনুসৰি গিল যথেস্থ সোনকালে সুস্থ হৈ উঠিব বুলি আশা কৰে ।ৰাথৌৰে ভাৰতৰ অভিজ্ঞ বেটিং ইউনিটৰ ওপৰত গুৰুত্ব আৰোপ কৰি দৃঢ়তাৰে কয় যে বেটছমেনসকলে নিজ নিজ পজিচনত যিমান স্বাধীনতা লাভ কৰি আছে, তাৰ মাজতো ৫০ অভাৰৰ ফৰ্মেটত খেলিব জানে।”আমাৰ এই মুহূৰ্তত অতি অভিজ্ঞ বেটিং ইউনিট আছে ।
এই ফৰ্মেটত কেনেদৰে খেলিব লাগে সকলোৱে জানে ।এই মুহূৰ্তত আমাৰ এটা অতি স্থিৰ বেটিং ইউনিট আছে ।প্ৰত্যেকৰে নিজস্ব ধৰণা আছে । আমি তেওঁলোকক তেওঁলোকে খেলিব বিচৰা ধৰণে খেলিবলৈ স্বাধীনতা দিছো ।আমি বুজি পাওঁ যে সকলোৰে খেলাৰ ধৰণ বেলেগ বেলেগ ।কিন্তু সকলোৰে নিজৰ নিজৰ খেলাৰ ধৰণ থাকে আৰু আমাৰ বিশ্বাস আছে যে যদি তেওঁলোকে খেলে আৰু নিজকে বেক কৰে তেন্তে আমিও খেলিম আমি যিখিনি লাভ কৰিব বিচাৰিছো সেয়া লাভ কৰিবলৈ সক্ষম হম ।