ডিজিটেল ডেস্ক, ANEWS24X7: আজি পৱিত্ৰ বাথৌ পূজা। বাথৌ পূজা বা বাথৌ উৎসৱ বড়ো আৰু কছাৰী জনগোষ্ঠীসকলৰ ধৰ্মীয় কৃত্যৰ অন্যতম অনুষ্ঠান। বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা হল বাথৌ ।
বছৰত দুবাৰকৈ এই পূজা অনুষ্ঠিত কৰা হয়। হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো লোকদেৱতাৰো বাথৌৰ সাদৃশ্য আছে।
এই পৱিত্ৰ দিনটোত সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছো। উল্লেখ্য যে, বড়ো-কছাৰীসকলৰ বিশ্বাস মতে আদি দেৱতা শিৱই তেওঁলোকৰ পিতৃদেৱতা। বাথৌ পূজাত সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি তাৰে বাথৌ বেদীত শান্তিয়নী পানী ছটিওৱাৰ পাছত সেই ডাল দুটা বেদীৰ সোঁমাজতে ৰোপণ কৰা হয়।
বেদীত সিজুডালৰ তলতে এটা ঘূৰণীয়া শিল আৰু কুকুৰা কণী দি বাথৌ দেৱতাক পূজা কৰে । এই পূজাত মদ-মাংস আদিৰে নৈবেদ্য আগবঢ়োৱা হয়। ইফালে পূজাত দেওধনিয়ে নৃত্য কৰাৰ লগতে ভৱিষ্যত বাণীও কৰে। আনহাতে বাথৌক সন্তুষ্ট কৰিবলৈ খেৰাই নৃত্যও কৰা হয়।