ডিজিটেল ডেস্ক, anews24x7: অগ্নিগৰ্ভা হৈ পৰা মণিপুৰৰ পৰিস্থিতি কিছু উন্নত হৈছে যদিও পুনৰ ইম্ফলক উত্তপ্ত কৰি তোলাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে একাংশ অসাধু ৰাজনৈতিক নেতা। ইপিনে অগ্নিৰ্ভা হৈ পৰা ইম্ফলৰ পৰিস্থিতি কিছু পৰিমাণে হ্ৰাস হ’লেও ইয়াৰ প্ৰভাৱৰ পৰা ৰাজ্যখন এতিয়াও মুক্ত হোৱা নাই।
ইম্ফলত পুনৰ অগ্নিগৰ্ভা পৰিস্থিতি সৃষ্টিৰ আঁৰত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাক্তন বিজেপি বিধায়কসহ ৩ জন লোকক। আনহাতে ইম্ফলত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন বিজেপি বিধায়কগৰাকীৰ নাম থাং-জালং হাউকিপ। হাউকিপ আছিল মণিপুৰ বিধানসভাৰ উপাধ্যক্ষও লগতে গ্ৰেপ্তাৰ কৰা হৈছে দুই অস্ত্ৰধাৰী সহযোগীক।
আনহাতে প্ৰাক্তন বিজেপি বিধায়কগৰাকীৰ পৰা জব্দ কৰা হৈছে দুটা অনুজ্ঞাপত্ৰ থকা বন্দুক। ইফালে তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছে সংঘৰ্ষত প্ৰত্যক্ষভাৱে জড়িত আৰু উচটনি দিয়াৰ অভিযোগ। এই অভিযোগতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।