ডিজিটেল ডেস্ক, ANEWS24X7: পহিলা ফাগুনৰ বিশেষত্ব হৈছে এই দিনটো প্ৰেমৰো দিন । সাধাৰণতে ভেলেণ্টাইন দে হ’ল এজন বা ততোধিক খ্ৰীষ্টিয় শ্বহীদ চেইণ্ট ভেলেণ্টাইনৰ নামত উচৰ্গিত দিন। ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে ইয়াক পালন কৰা হয়। ইয়াক এটা পৱিত্ৰ প্ৰেমৰ দিন হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হয়।
এই দিনটোত প্ৰেমিক -প্ৰেমিকা সকলে নিজৰ প্ৰিয়জনক ফুলৰে, মিঠাই বা মৰমৰ বাৰ্তাৰে সম্ভাষণ জনায়। এই দিনটো, উচ্চ মধ্য যুগৰ জিও’ফ্ৰি চাওঁচাৰ ৰ চক্ৰৰ লগত ৰাজকীয় প্ৰেমৰ পৰম্পৰাৰ জয়জয় ময়ময়ৰ সময়তে। ইপিনে প্ৰথম বাৰৰ বাবে ৰোমাণ্টিক প্ৰেমৰ লগত সাঙোৰ খাই পৰে। এই দিনতো প্ৰথম বাৰৰ বাবে প’প গিলাচিয়াছে ৪৯৬ খ্ৰীঃ পূঃ ত প্ৰতিষ্ঠিত কৰে আৰু ইয়াক পিছত ১৯৬৯ চনত চতুৰ্থ প’প প’লৰ দ্বাৰা সাধাৰণ ৰোমান দিনপঞ্জীৰ পৰা আঁতৰাই দিয়া হয়।
হৃদয়ৰ আকৃতিৰ পৰিসীমা, কপৌ আৰু ডেউকা থকা কিউপিডৰ ছবিক, আধুনিক ভেলেণ্টাইন দিৱসৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। আনহাতে ১৯ শতিকাৰ পৰা হাতে লিখা ভেলেণ্টাইন বাৰ্তা আঁতৰি, তাৰ ঠাইত পাইকাৰী হাৰত শুভেচ্ছা প্ৰত্ৰৰ প্ৰচলন আৰম্ভ হয়।