ক্ষন্তেক সময়ৰ পিছতে বাজি উঠিব যুদ্ধৰ ছাইৰেন।
অপাৰেশ্যন সিন্দূৰ’ৰ পিছত যুদ্ধৰ অনুশীলন চলিব দেশত।
অসমৰ কেইবাটাও স্থানত চলিব মকড্ৰিল।
এই মকড্ৰিলত কি হ’ব? কি কি কৰিব লাগিব আপুনি?
এয়াৰ ৰেইড ছাইৰেণ বাজিলে কি কৰিব?
- ১. সকলো কাম বন্ধ কৰি নিৰাপদ স্থানত আশ্রয় ল’ব
- ২. ঘৰৰ দুৱাৰ-খিৰিকি বন্ধ কৰক আৰু পৰ্দা টানি দিয়ক
- ৩. সকলো লাইট বন্ধ কৰিব, বৈদ্যুতিক সামগ্ৰীৰ ছুইছ অফ কৰিব
- ৪. চৰকাৰী কৰ্তৃপক্ষৰ ভাষ্যহে মানি চলিব
- ৫. শান্ত হৈ থাকিব, আন সকলকো শান্ত ৰাখিব, আতংকিত নহ’ব
- ৬. বাংকাৰ, দৃঢ় দেৱাল বা খুঁটাৰ কাষত থাকিব
- ৭. গাড়ী চলাই থাকিলে গাড়খন বাটৰ কাষত ৰখাই ল’ব, ইঞ্জীন বন্ধ কৰি দুৱাৰ-খিৰিকি বন্ধ ৰাখিব
- ৮. খিৰীকিৰ কাষত নাথাকিব
- ৯. মুকলি স্থানত থাকিলে মাটিত শুই দিব আৰু নিজৰ মূৰটো হাতেৰে আৱৰি ৰাখিব
- ১০. বিপদত পৰা যিকোনো লোকক সহায় কৰিব
- ১১. ছাইৰেণ বন্ধ হোৱাৰ পিছত কেৱল চৰকাৰী কৰ্তৃপক্ষৰ ভাষ্যহে মানি চলিব