ডিজিটেল ডেস্ক, anews24x7:সম্প্ৰতি ৰহস্যময় হৈ পৰিছে জোনমণিৰ মৃত্যু।মুখ খুলিব বিচাৰিছিল নেকি জোনমণিয়ে? দুৰ্ঘটনাৰ পৰা এটা ‘সন্দেহজনক হত্যাকাণ্ড’লৈ গতি কৰিছে জোনমণি ৰাভাৰ মৃত্যু ৰহস্য। পোহৰলৈ আহিছে আৰক্ষী-মাফিয়াৰ গোপন মিতিৰালি।
ইপিনে আৰক্ষীৰ নাকৰ তলতেই কেনেকৈ চলি আছিল নকল সোণ আৰু টকাৰ এক বৃহত নেক্সাছ? এই ঘটনাত কেঁচু খান্দোতে ওলাই পৰা প্ৰতিডাল সাপৰ বিষ বৰ চোকা। এই সাপবোৰৰে দংশনত ধৰাশায়ী হৈ পৰিল নেকি জোনমণি ৰাভা! ইপিনে দুৰ্ঘটনাৰ পৰা এটা ‘সন্দেহজনক হত্যাকাণ্ড’লৈ!নকল সোণৰ ব্যৱসায়ৰ পৰা এটা বৃহৎ নেক্সাছলৈ!
তাতোকৈ ডাঙৰ কথা- জোনমণিৰ ‘সন্দেহজনক হত্যা’ই মোকলাইছে বহু গোপন অধ্যায়। লাহে লাহে পোহৰলৈ আহিছে আৰক্ষী-মাফিয়াৰ গোপন মিতিৰালি।
ডি জি পি জি পি সিঙে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে লগতে চি আই ডিৰ প্ৰতিবেদনত ভিত্তিত ব্যৱস্থা লোৱা হ’ব বুলি আশ্বাস দিছে। বিষয়টোত নগাঁও, লখিমপুৰ আৰক্ষীৰ নামো সাঙোৰ খাইছে। আজি লখিমপুৰত তিনিজনীয়া চি আই ডিৰ দলে আৰম্ভ কৰিছে তদন্ত।