ডিজিটেল ডেস্ক, anews24x7: অসম-মেঘালয় সীমা সমস্যাক লৈ পুনৰ অনুষ্ঠিত হয় এক বৈঠক । সীমামূৰীয়া দুয়োখন জিলাৰ উপায়ুক্তসকলে আজি বৈঠকত বিবাদমান এলেকা সন্দৰ্ভত তথ্য আগবঢ়ায়। বৈঠকত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, বিধায়ক নন্দিতা দাস, মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী প্ৰেষ্টন টাইচং, মহানগৰ উপায়ুক্ত আৰু দুয়োখন ৰাজ্যৰ কমিটিৰ বিষয়াববীয়াসকল।
দুয়োখন ৰাজ্যই গঠন কৰি দিছিল দুখন আঞ্চলিক কমিটি। বিবাদমান ৬টা স্থান যুটীয়াভাৱে ভ্ৰমণ কৰিব এই কমিটিয়ে। ২৫ আগষ্টত পুনৰ সীমা সমস্যাক লৈ আন এক বৈঠক অনুষ্ঠিত হ’ব। দুয়োখন ৰাজ্যৰ যি ১২টা বিবাদমান স্থান আছিল তাৰে ৬টা স্থানৰ সীমা সমস্যা ইতিমধ্যে সমাধান কৰা হৈছে।
আগন্তুক সময়ত আন ৬টা বিবাদমান এলেকাৰ সীমা সমস্যা শীঘ্ৰে নিষ্পত্তি কৰাৰ দিশত আগবাঢ়িছে প্ৰশাসন। ২৬ আগষ্টত দুয়োখন ৰাজ্যৰ আঞ্চলিক কমিটিয়ে ভ্ৰমণ কৰিব বিবাদমান ডিমৰীয়াৰ এটা স্থান।
